২৬ মাৰ্চত গুৱাহাটীত ভাৰত-আফগানিস্তানৰ ফিফা বিশ্বকাপৰ কোৱালিফায়িং মেচ - Indira Gandhi Athletic Stadium

🎬 Watch Now: Feature Video

thumbnail
অসম ফুটবল সন্থাৰ সংবাদমেল (undefined)

By ETV Bharat Assamese Team

Published : March 17, 2024 at 9:55 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, ১৭ মাৰ্চ: অহা ২৬ মাৰ্চত ভাৰত আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ'ব ফিফা ফুটবল বিশ্বকাপ ২০২৬ ৰ বাবে কোৱালিফায়িং মেচ । গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই খেলখন । অহা ২৩ মাৰ্চত ভাৰত আৰু আফগানিস্তানৰ ফুটবল দল দুটা উপস্থিত হ'ব অসমত‌ । আজি এক সংবাদমেলত ফুটবল সন্থাৰ বিষয়ববীয়াই এই কথা সদৰী কৰিছে ।

সংবাদমেলত ফুটবল সন্থাৰ বিষয়ববীয়াই কয় যে আজিৰে পৰা book my show এপৰ জৰিয়তে দৰ্শকৰ বাবে মুকলি কৰা হৈছে খেলৰ টিকট । ২৫০ টকাৰ পৰা আৰম্ভ কৰি ৪ হাজাৰ টকা পৰ্যন্ত টিকট উপলব্ধ হ'ব ফুটবল প্ৰেমীসকলৰ বাবে । ফুটবল সন্থাৰ বিষয়ববীয়াই কয় যে প্ৰায় ২৪ হাজাৰ দৰ্শকে একেলগে উপভোগ কৰিব পাৰিব খেল । ভাৰত আৰু আফগানিস্তানৰ ফুটবল দলে অনুশীলন কৰিব পৰাকৈ গুৱাহাটীৰ ছাই ক্ৰীড়া প্ৰকল্প ষ্টেডিয়াম আৰু সৰুসজাইৰ ফুটবল অনুশীলন ষ্টেডিয়াম সাজু কৰিছে অসম ফুটবল সন্থাই । 

লগতে পঢ়ক:ডিব্ৰুগড়ত অসম আৰক্ষী ফুটবল প্ৰতিযোগিতা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details