যোৰহাটৰ জিমখানা খেলপথাৰত আৰম্ভ আই জি ইউ নৰ্থ ইষ্ট এমেছাৰ গ’ল্ফ চেম্পিয়নশ্বিপ - GOLF CHAMPIONSHIP IN JORHAT
🎬 Watch Now: Feature Video

Published : November 27, 2024 at 2:43 PM IST
স্প’ৰ্টছ ডেস্ক: ইণ্ডিয়ান গ’লফ ইউনিয়নৰ সহযোগত এছ’চিয়েচন অৱ গ’লফ ক্লাৱছ অৱ অসমৰ সহযোগত 148 টা বর্ষ গৰকা মহিমামণ্ডিত ঐতিহাসিক যোৰহাট জিমখানাৰ ক্লাৱৰ সেউজীয়া পৰিৱেশৰ মাজত মঙলবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে আই জি ইউ নৰ্থ-ইষ্ট এমেচাৰ গ’লফ চেম্পিয়নশ্বিপ । দেশৰ ভিন্ন প্ৰান্তৰ 40 গৰাকী গ’লফ খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ প্ৰথম দিনা প্ৰাৰম্ভিক পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হয় ।
জিমখানা গ’লফ ফিল্ডত উপস্থিত থাকি বিশিষ্ট ক্ৰীড়া সংগঠক তথা আয়োজক সমিতিৰ অন্যতম সদস্য নাৰগেছ সিঙে কয় যে, "খেলৰ সম্পূৰ্ণ ফলাফল তথা কোনে কিমান পইণ্ট লাভ কৰিবলৈ সক্ষম হৈছে, সেয়া চাৰি দিনৰ খেলৰ অন্ততহে জানিব পৰা যাব । যোৰহাট জিমখানা খেলপথাৰত খেলত অংশগ্ৰহণ কৰা খেলুৱৈসকলক আপ্লুত হৈ পৰা দেখা যায় । এই প্ৰতিযোগিতা পোনপ্ৰথমবাৰৰ বাবে যোৰহাটত অনুষ্ঠিত কৰি আমি যথেষ্ট গৌৰৱ অনুভৱ কৰিছো" ৷
লগতে পঢ়ক: আবুধাবিত অনুষ্ঠিত কাৰাটে চেম্পিয়নশ্বিপত অসমৰ প্ৰতিযোগীৰ স্বৰ্ণ পদক অৰ্জন