এম্বুলেঞ্চত দুই কোটিতকৈ অধিক মূল্যৰ হেৰ'ইন জব্দ, গ্ৰেপ্তাৰ সৰবৰাহকাৰী - Anti Drugs Mission
🎬 Watch Now: Feature Video

Published : August 10, 2024 at 9:41 PM IST
ডিফু, ১০ আগষ্ট : কাৰ্বি আংলং জিলাৰ বোকাজানৰ খটখটীত পুনৰ জব্দ বৃহৎ পৰিমানৰ ড্ৰাগছ । খটখটীত আৰক্ষীৰ তালাচীত শনিবাৰে দিনৰ তিনি বজাত ৰোগী কঢ়িওৱা এম্বুলেঞ্চৰ পৰা উদ্ধাৰ হয় ২ কোটিতকৈও অধিক মূল্যৰ হেৰ'ইন ৷ বোকাজান মহকুমা আৰক্ষী আৰু খটখটী থানাৰ আৰক্ষীৰ সহযোগত খটখটী এছ বি আই বেংকৰ সন্মুখত জব্দ কৰা হয় এই ড্ৰাগছখিনি ৷
উল্লেখ্য় যে মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা MN 06 LX 1916 নম্বৰৰ এম্বুলেঞ্চত আৰক্ষীয়ে অভিযান চলাই বাহনখনৰ বনেটত কৌশলৰে লুকুৱাই অনা ২৩ টা চাবোনৰ বাকচত ২৬৫ গ্ৰাম হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এই সন্দৰ্ভত আৰক্ষীয়ে মণিপুৰৰ ইম্ফলৰ ছানথেল মাখালেইকেইৰ আব্দুল ৰছিদৰ পুত্ৰ ছিৰাজক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।