এগৰাকী সৎ আৰক্ষী বিষয়া হ'ব খোজে মাজুলীৰ লক্ষ্যজিত শইকীয়াই - ASSEB

🎬 Watch Now: Feature Video

thumbnail
দৰিদ্ৰতা নেওচি ৮২% নম্বৰৰে জিলিকিল মাজুলীৰ লক্ষ্যজিত শইকীয়া (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 11, 2025 at 6:39 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী: দাৰিদ্ৰতা যে কোনো কাৰণতে শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে তাকেই প্ৰমাণ কৰিলে মাজুলীৰ দক্ষিণপাট নাওশালী গাঁৱৰ এগৰাকী ছাত্ৰ লক্ষ্যজিত শইকীয়াই । দক্ষিণপাট নাওশালী গাঁৱৰ এইগৰাকী ছাত্ৰই আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪টা বিষয়ত লেটাৰসহ ৮২% নম্বৰৰে উত্তীৰ্ণ হৈ নিজৰ পৰিয়ালৰ লগতে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিব সক্ষম হ'ল । এইগৰাকী মেধাৱী ছাত্ৰ লক্ষজিত শইকীয়াৰ পিতৃ পুতুল শইকীয়াই দিন হাজিৰা কৰি নিজৰ পৰিয়াল পোহপাল দি আহিছে ।  

আন দহজন ছাত্ৰৰ দৰে এইগৰাকী মেধাৱী ছাত্ৰক পিতৃ-মাতৃয়ে পঢ়িবৰ বাবে ভালদৰে সা-সুবিধা দিব পৰা নাছিল । অতি কষ্টৰে পঢ়া-শুনা কৰা পুত্ৰৰ এই সফলতাই এতিয়া সুখৰ চকুলো বোৱাইছে পিতৃ-মাতৃৰ মুখলৈ । এইগৰাকী মেধাৱী ছাত্ৰৰ মাতৃয়ে জনোৱা মতে অতি কষ্টৰে পঢ়া-শুনা কৰি আজি লক্ষ্যজিতে এই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে । ভৱিষ্যৎ দিনত আগবঢ়াই নিবলৈ যিমান পাৰি চেষ্টা কৰিব বুলি তেওঁ উল্লেখ কৰে । ভৱিষ্যতে এগৰাকী সৎ আৰক্ষী বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে মেধাৱী ছাত্ৰগৰাকীয়ে ।

লগতে পঢ়ক: শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কথা মানি চলাটোৱেই প্ৰকৃত মূলমন্ত্ৰ: সপ্তাৰ্শ্ব বৰদলৈ - ASSAM HSLC RESULT 2025

ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: শীৰ্ষ স্থান দখল যোৰহাটৰ আমিশীৰ - ASSAM HSLC RESULT 2025

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details