এগৰাকী সৎ আৰক্ষী বিষয়া হ'ব খোজে মাজুলীৰ লক্ষ্যজিত শইকীয়াই - HSLC RESULT 2025
🎬 Watch Now: Feature Video


Published : April 11, 2025 at 6:39 PM IST
মাজুলী: দাৰিদ্ৰতা যে কোনো কাৰণতে শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে তাকেই প্ৰমাণ কৰিলে মাজুলীৰ দক্ষিণপাট নাওশালী গাঁৱৰ এগৰাকী ছাত্ৰ লক্ষ্যজিত শইকীয়াই । দক্ষিণপাট নাওশালী গাঁৱৰ এইগৰাকী ছাত্ৰই আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪টা বিষয়ত লেটাৰসহ ৮২% নম্বৰৰে উত্তীৰ্ণ হৈ নিজৰ পৰিয়ালৰ লগতে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিব সক্ষম হ'ল । এইগৰাকী মেধাৱী ছাত্ৰ লক্ষজিত শইকীয়াৰ পিতৃ পুতুল শইকীয়াই দিন হাজিৰা কৰি নিজৰ পৰিয়াল পোহপাল দি আহিছে ।
আন দহজন ছাত্ৰৰ দৰে এইগৰাকী মেধাৱী ছাত্ৰক পিতৃ-মাতৃয়ে পঢ়িবৰ বাবে ভালদৰে সা-সুবিধা দিব পৰা নাছিল । অতি কষ্টৰে পঢ়া-শুনা কৰা পুত্ৰৰ এই সফলতাই এতিয়া সুখৰ চকুলো বোৱাইছে পিতৃ-মাতৃৰ মুখলৈ । এইগৰাকী মেধাৱী ছাত্ৰৰ মাতৃয়ে জনোৱা মতে অতি কষ্টৰে পঢ়া-শুনা কৰি আজি লক্ষ্যজিতে এই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে । ভৱিষ্যৎ দিনত আগবঢ়াই নিবলৈ যিমান পাৰি চেষ্টা কৰিব বুলি তেওঁ উল্লেখ কৰে । ভৱিষ্যতে এগৰাকী সৎ আৰক্ষী বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে মেধাৱী ছাত্ৰগৰাকীয়ে ।