তীব্ৰবেগী ট্ৰাকে প্ৰাণ ল'লে দুই মহিলাৰ - ROAD ACCIDENT AT KHOWANG

🎬 Watch Now: Feature Video

thumbnail
তীব্ৰবেগী ট্ৰাকে প্ৰাণ ল'লে দুই মহিলাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : December 1, 2024 at 12:59 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : দেওবাৰে পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাই গ'ল ডিব্ৰুগড়ৰ খোৱাং । ডিব্ৰুগড়ৰ জিলাৰ খোৱাঙৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ৰঙালাও বজাৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা । NL01AE1218 নম্বৰৰ এখন বস্তু কঢ়িওৱা ট্ৰাকে মহতিয়ালে ৰঙালাও বজাৰৰ ৩খনকৈ দোকান । ফলত নিহত হয় দুগৰাকীকৈ মহিলা ।

গুৰুতৰভাৱে আহত আন এগৰাকী মহিলা । নিহত মহিলা দুগৰাকী চেৰেপাখাটি গাঁ‌ৱৰ ক্ৰমে ৰুণুমি দাস আৰু সুমিলা দাস । গুৰুতৰভাৱে আহত হয় চেৰেপাখাটি গাঁৱৰ অঞ্জলি দাস । মহিলা কেইগৰাকীয়ে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা দোকান কেইখন পুৱাই খুলি চাফা কৰি আছিল । সেই সময়তে ডিব্ৰুগড় দিশে আহি থকা ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই মহিলা কেইগৰাকীৰ লগতে দোকান কেইখন মহতিয়াই দ খাৱৈত বাগৰি পৰে । দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাকৰ চালকজনে পলায়ন কৰে ।

নিহত মহিলা দুগৰাকীৰ ভিতৰত এগৰাকী ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে আন এগৰাকী ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় পোৱাৰ পাছতেই মৃত্যু হয় । ইতিমধ্য খোৱাঙ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: ৭ বছৰে নিৰ্মাণ নহ'ল এখন দলং: ফলত প্ৰাণ হেৰুৱালে যুৱকে

বিদ্যালয়লৈ ওলাই গৈ কোনোদিনেই উভতি নহাৰ বাটেৰে গুচি গ’ল পিতৃ-কন্যা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details