কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ উইং উদ্বোধন - BRAHMAPUTRA WING OF RAJ BHAVAN

🎬 Watch Now: Feature Video

thumbnail
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (IANS)

By ETV Bharat Assamese Team

Published : August 29, 2025 at 11:35 AM IST

|

Updated : August 29, 2025 at 12:37 PM IST

1 Min Read
Choose ETV Bharat
২৮ আগষ্ট, বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটীলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰৰ দিনটোত গুৱাহাটীত তিনিটাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি শুকুৰবাৰৰ দিনটোত মুঠ তিনিটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে । আজি পুৱা গুৱাহাটীৰ খাৰঘূলিস্থিত নতুনকৈ নিৰ্মাণ কৰি ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ উইঙৰ আনুষ্ঠানিক উদ্বোধন কৰে অমিত শ্বাহে ৷ এই অনুষ্ঠানতেই ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনছিক পৰীক্ষাগাৰৰ ই-উদ্বোধন আৰু আই টি বি পি, এছ এছ বি তথা অসম ৰাইফলছৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ ই-উদ্বোধন তথা ই-আধাৰশিলা স্থাপন কৰে গৃহমন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে, গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ২৮ আগষ্ট, বৃহস্পতিবাৰে সন্ধিয়া উপস্থিত হৈ অমিত শ্বাহ উপস্থিত হয় ৰাজ্যিক মুখ্যকাৰ্যালয় বাজপেয়ী ভৱনত । বাজপেয়ী ভৱনত উপস্থিত হৈ ক’ৰ কমিটীৰ বৈঠকত মিলিত হয় । এই সভা সমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচনকেন্দ্ৰিক বুলি ধাৰণা কৰা হৈছে । ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই বৈঠক সফল পূৰ্বক বুলি সভাৰ শেষত মন্তব্য কৰে ।

Last Updated : August 29, 2025 at 12:37 PM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details