সামৰণি পৰিল ভাদ মহীয়া নাম কীৰ্তনৰ - HOLY BHADO MONTH - HOLY BHADO MONTH

🎬 Watch Now: Feature Video

thumbnail
নিজম পৰিল সত্ৰ নগৰী মাজুলী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : September 18, 2024 at 8:24 AM IST

1 Min Read
Choose ETV Bharat

মাজুলী, ১৮ ছেপ্টেম্বৰ: সামৰণি পৰিল ভাদ মহীয়া নাম কীৰ্তনৰ । মাহজুৰি ভক্তিৰসত বিলীন হৈ থকা সত্ৰ নগৰী মাজুলী নিজম পৰিল । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মাজুলীতো ভাদ মাহৰ প্ৰতিটো দিনতেই অনুষ্ঠিত হ'ল ভাদ মহীয়া নাম-প্ৰসংগ । মহাপুৰুষ দুজনাৰ স্বৰ্ণিল সংস্কৃতিৰ বৰ্ণিল ঐতিহ্যৰে মুখৰিত হয় মাজুলীৰ সত্ৰ-নামঘৰসমূহ । মাজুলীৰ তিনি শতাধিক নামঘৰ আৰু ৩৫ খন সত্ৰত অনুষ্ঠিত হয় এই ভাদ মহীয়া নাম-প্ৰসংগ ।  

এই পবিত্র ভাদ মাহৰ প্ৰতিটো দিনত পুৱা ভাগৰ পৰা নাম প্ৰসংগ আৰম্ভ হয় সত্ৰানুষ্ঠানসমূহৰ লগতে নামঘৰসমূহত । মাহটোত গুৰু দুজনাৰ পবিত্ৰ মিলন ভূমিত আকাশ বতাহ মুখৰিত হ’ল হৰি নামৰ ধ্বনিৰে ৷ ভকত বৈষ্ণৱসকলৰ লগতে আইসকলৰ নামেৰেও মুখৰিত হয় সত্ৰ নগৰীখন । ভাদ মাহৰ শেষৰটো দিনত সত্ৰ নগৰী মাজুলীৰ সত্ৰসমূহৰ লগতে গাঁৱৰ নামঘৰে নামঘৰে পালন কৰিলে ভাদ মহীয়া নাম সামৰণি অনুষ্ঠান । দোভাগ নিশালৈকে চলিল ভকত বৈষ্ণৱৰ গুণানুকীৰ্তন ।

লগতে পঢ়ক:জগতগুৰুৰ অমিয়া বাণী : আউনীআটী সত্ৰত 1500 গৰাকী আইমাতৃ কণ্ঠস্বৰত একলগে নিগৰিল হৰিনামৰ ধ্বনি - Holy Bhada month

অসমৰ চুবুৰীয়া ৰাজ্য়ৰ নামঘৰত চলিছে ভাদ মহীয়া নাম - Holy Bhada month

পবিত্ৰ ভাদ মাহ আৰম্ভ: ভক্তি ৰসত বিলীন সত্ৰ নগৰী মাজুলী - holy Bhada month

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details