১৩ মাৰ্চৰ পৰা আবিৰৰ ৰঙত ৰঙীন হৈ পৰিব বৰপেটা সত্ৰ - HOLI 2025

🎬 Watch Now: Feature Video

thumbnail
সমাগত ৰঙৰ উৎসৱ ফাকুৱা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : February 7, 2025 at 11:08 AM IST

1 Min Read
Choose ETV Bharat

বৰপেটা : সমাগত ৰঙৰ উৎসৱ ফাকুৱা ৷ শৰীৰ, মন, হৃদয়ত ৰং-আনন্দৰ জোৱাৰ তুলি সকলো আপোন পাহৰা হৈ ফাকুৱা বা দৌল উৎসৱক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ৷ এইবাৰৰ দৌল উৎসৱৰ বাবে বিশেষভাৱে সাজু হৈ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ পৰিচালনা কমিটী ৷

অহা ১৩, ১৪, ১৫ আৰু ১৬ মাৰ্চত বৰপেটা সত্ৰত উদযাপন কৰা হ’ব শ্ৰীশ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ ।‌ এই মহোৎসৱৰ প্ৰচাৰৰ বাবে ইতিমধ্যে বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে পোষ্টাৰ আৰু বেনাৰ আনুষ্ঠানিকভাৱে মুকলি কৰিছে ৷ বৃহস্পতিবাৰে বৰপেটা সত্ৰ চৌহদত আয়োজিত এক অনুষ্ঠানত বেনাৰ আৰু পোষ্টাৰ মুকলি কৰে বুঢ়া সত্ৰীয়া ড৹ বাবুল চন্দ্ৰ দাসে ।

সত্ৰ পৰিচালনা সমিতিৰ সকলো সদস্যৰ উপস্থিতিত বুঢ়া সত্ৰীয়াগৰাকীয়ে কয়, ‘‘এইবেলি চাৰিদিনীয়া কাৰ্যসূচীৰে দৌল মহোৎসৱ উদযাপন কৰা হ’ব । ইয়াৰে প্ৰথম দিনা গোন্ধযাত্ৰা, দ্বিতীয় আৰু তৃতীয় দিনা ভৰদৌল আৰু চতুৰ্থ দিনা সুৱৰী তথা ফাকুৱা পালন কৰা হ’ব ।’’

বুঢ়া সত্ৰীয়াগৰাকীয়ে লগতে কয়, ‘‘দৌল মহোৎসৱ কেৱল আনন্দ উল্লাসৰ উৎসৱেই নহয়, ইয়াৰ লগত সত্ৰীয়া আৰু আধ্যাত্মিক যথেষ্ট নীতি-নিয়ম জড়িত হৈ আছে । এইবাৰ বিশেষভাৱে সেইবোৰ প্ৰচাৰ কৰা হ’ব ।’’ সত্ৰীয়াগৰাকীয়ে লগতে আজিৰ পৰাই বৰপেটা সত্ৰৰ আগন্তুক দৌল মহোৎসৱৰ বাবে আনুষ্ঠানিক প্ৰস্তুতি আৰম্ভ হ'ল বুলিও মন্তব্য কৰে ।

লগতে পঢ়ক : বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ভক্তিৰসৰ নৈ

ABOUT THE AUTHOR

...view details