স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত লামডিঙত উদ্ধাৰ পাঁচটাকৈ হস্তনিৰ্মিত বন্দুক : তদন্ত অব্যাহত - Guns recovered in Lumding - GUNS RECOVERED IN LUMDING

🎬 Watch Now: Feature Video

thumbnail
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত লামডিঙত উদ্ধাৰ পাঁচটাকৈ হস্তনিৰ্মিত বন্দুক:তদন্ত অব্যাহত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 3, 2024 at 6:59 AM IST

1 Min Read
Choose ETV Bharat

হোজাই, 3 আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কূটাঘাট সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল হোজাই জিলা । হোজাইৰ নখুটিত শুকুৰবাৰৰ নিশা জিলাখনৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লব তামুলীৰ নেতৃত্বত চলে এক অভিযান । নখুটিৰ নিকটৱৰ্তী লামডিং সংৰক্ষিত বনাঞ্চলত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰৰ নিশা চলায় এই বৃহৎ অভিযান । এই অভিযানত আৰক্ষীয়ে লামডিং বনাঞ্চলত উদ্ধাৰ কৰিবলৈ সক্ষম হয় পাঁচটাকৈ হস্তনিৰ্মিত বন্দুক ।

আৰক্ষীয়ে হস্তনিৰ্মিত বন্দুকৰ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় কেবাজাঁই সজীব গুলী । কূটাঘাট সংঘটিত কৰাৰ উদ্দেশ্যেৰে দুষ্কৃতিকাৰীয়ে লামডিং বনাঞ্চলত বন্দুক লুকুৱাই ৰাখিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । ঘটনা সন্দৰ্ভত বৰ্তমান পৰ্যন্ত কোনো লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: লামডিং বনাঞ্চলত মাটি খান্দি উদ্ধাৰ তিনিটাকৈ বন্দুক - guns recovered in Lumding 

মেৰাপানীত পিষ্টলসহ আৰক্ষীৰ জালত তিনি দুৰ্ধৰ্ষ বাইক চোৰ - Arms Recovered In Merapani

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details