এগৰাকী দায়িত্বশীল আৰক্ষীৰ ভিডিঅ’ ভাইৰেল সামাজিক মাধ্যমত - Brave Cop Guwahati - BRAVE COP GUWAHATI
🎬 Watch Now: Feature Video

Published : August 14, 2024 at 7:57 PM IST
গুৱাহাটী, ১৪ আগষ্ট : আৰক্ষী বুলিলে প্ৰথমে আপোনাৰ মনলৈ কেনেধৰণৰ ছবি মনলৈ আহে ? নিশ্চয় খাকী পোছাকধাৰীৰ ভিন্ন ৰূপৰ কথাই আপোনাৰ মনলৈ আহে । ক'ৰবাত যদি আৰক্ষীক কঠোৰ, উগ্ৰ হোৱা দেখা যায়; আকৌ ক’ৰবাত দেখা যায় দায়িত্বশীল, মহানুভৱতাৰ । শেহতীয়াকৈ বশিষ্ঠ মন্দিৰ আৰক্ষী পহৰা চকীৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভূপেন্দ্ৰ ৰাৱটৰ এনে এক দায়িত্বশীলতাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ।
ভিডিঅ’টো যোৱা দেওবাৰে বশিষ্ঠ মন্দিৰত অনুষ্ঠিত হোৱা ব’লব’মৰ । ব’লব’মৰ নিশা ১১ বজাত হঠাৎ মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢলে যি সময়ত বশিষ্ঠ নৈত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছিল, সেই সমছোৱাতে নিজৰ জীৱনক তুচ্ছজ্ঞান কৰি ভক্তসকলৰ জীৱন ৰক্ষা কৰে এইজন আৰক্ষী বিষয়াই ৷ কিয়নো দুগৰাকী লোক সেই পানীত উটি যোৱা সময়তে জীৱন ৰক্ষা কৰে এইজন আৰক্ষী বিষয়াই ।
সমগ্ৰ দৃশ্য কোনো লোকে মোবাইল ফোনৰ কেমেৰাত বন্দী কৰি সামাজিক মাধ্যমত আপলোড কৰে । লগে লগে সামাজিক মাধ্যমত আৰক্ষী বিষয়াগৰাকীৰ এই ভিডিঅ' ভাইৰেল হৈ পৰে । যাৰ বাবে বুধবাৰে বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হয় আৰক্ষী বিষয়াগৰাকীক ।
লগতে পঢ়ক : স্বাধীনতা দিৱস উপলক্ষে ভাৰত চৰকাৰৰ সেৱা পদক ঘোষণা : অসম আৰক্ষীৰ ২২ গৰাকীলৈ পদক