কলিয়াবৰত পৰম্পৰাগত হাজাৰী ভাওনা উৎসৱৰ লাইখুটা স্থাপন - Keshab Mahanta

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : February 16, 2024 at 6:05 PM IST

1 Min Read

কলিয়াবৰ,১৬ ফেব্ৰুৱাৰী: হাটবৰ হাজাৰৰ উদ্যোগত আৰু কলিয়াবৰৰ হাজাৰসমূহৰ সহযোগত তিনিদিনীয়া কাৰ্যসূচীৰে হাজাৰী ভাওনা উৎসৱ উদযাপন হ'ব । কলিয়াবৰৰ হাটবৰত অহা ২৩, ২৪ আৰু ২৫ মাৰ্চত হাটবৰ হাজাৰ মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত হ'ব এই হাজাৰী ভাওনা উৎসৱ । সেই উপলক্ষে শুকুৰবাৰে লাইখুটা স্থাপন কৰা হয় । লাইখুটা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । কলিয়াবৰৰ আটাইকেইটা হাজাৰৰ সদস্যই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে পৰম্পৰাগতভাৱে কলিয়াবৰত অনুষ্ঠিত হৈ আহিছিল হাজাৰী ভাওনা উৎসৱ । কলিয়াবৰৰ ৬ খন হাজাৰে প্ৰায় ১৫০ বছৰ পূৰ্বৰে পৰা হাজাৰী ভাওনা উৎসৱ অনুষ্ঠিত কৰি আহিছিল । কিন্তু বিগত কিছু বছৰ বিভিন্ন কাৰণত হাজাৰী ভাওনা উৎসৱ অনুষ্ঠিত হোৱা নাছিল ।

লগতে পঢ়ক :লখিমপুৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ১৭,৭১১ গৰাকী পৰীক্ষাৰ্থী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.