মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং সাইনিৰ - Haryana CM Assam visit - HARYANA CM ASSAM VISIT

🎬 Watch Now: Feature Video

thumbnail
মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং সাইনিৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 3, 2024 at 3:15 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, ৩ আগষ্ট : দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং সাইনি । শুকুৰবাৰে নিশা অসমত উপস্থিত হয় হাৰিয়ানাৰ মুখ্যমন্ত্ৰীগৰাকী । আনহাতে, শনিবাৰে পুৱাতে কামাখ্যা মন্দিৰৰ দৰ্শন কৰে সপত্নীক নয়াব সিং সাইনিয়ে । তেওঁক সংগ দিয়ে হাৰিয়ানা বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই ।

কামাখ্যাত উপস্থিত হৈ বিশেষ পূজা আগবঢ়াই হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে । ইফালে মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং সাইনিয়ে সংবাদ মাধ্যমৰ আগত কয়, "মোৰ পৰম সৌভাগ্য যে আজি মা কামাখ্যাৰ আশীৰ্বাদ পাবলৈ সক্ষম হৈছো । প্ৰতিদিনে মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ লাখ লাখ ভক্ত আহে । হাৰিয়ানাৰ জনতাৰ সৰ্বাংগীণ উন্নয়নৰ বাবে মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাইছো ।

আনহাতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে উন্নয়নৰ দিশত দোপতদোপে আগবাঢ়িছে । বিকাশৰ নতুন গতি লাভ কৰিছে অসমে । ডাবল ইঞ্জিনৰ চৰকাৰে জনসাধাৰণৰ বাবে কাম কৰি আছে । হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণক নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াইছে ।"

লগতে পঢ়ক :জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন LIVE - Jagiroad Tata Semiconductor Project
লগতে পঢ়ক :দুটা বিশেষ প্ৰকল্পৰ অনুমোদনৰ অপেক্ষাত আছে মুখ্যমন্ত্ৰী : ক'লে সামাজিক মাধ্যমত - Assam CM Himanta Biswa Sarma

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details