দৈগ্ৰোং চাহ বাগিচাত উদ্ধাৰ অৰ্ধগলিত এটা নাহৰফুটুকী
🎬 Watch Now: Feature Video

Published : November 14, 2024 at 5:57 PM IST
গোলাঘাট: গোলাঘাটৰ দৈগ্ৰোং চাহ বাগিচাত এইবাৰ উদ্ধাৰ হৈছে এটা নাহৰফুটুকী বাঘৰ মৃতদেহ ৷ বৃহস্পতিবাৰে পুৱাই এজন স্থানীয় লোকে বাগিচাত এটা নাহৰফুটুকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগৰ লোকক ৷ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মী আৰু চিকিৎসকৰ এটা দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ।
চিকিৎসকে মৃত বাঘটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে । এই সম্পৰ্কে পশু চিকিৎসকে জানিব দিয়া মতে, প্ৰাকৃতিকভাৱে দুই বাঘৰ যুদ্ধৰ ফলত এটা বাঘৰ মৃত্যু হৈছে । দুটা বাঘৰ মাজত হোৱা তীব্ৰ যুঁজত মৃত বাঘটোৰ এখন ভৰিও চিঙি যায় ৷
আনহাতে এই সম্পৰ্কে বন বিভাগৰ লোকে জানিবলৈ দিয়া মতে, দিনৰ ১১ বজাত বিভাগীয় ফোনযোগে লালচাই তপ্প' নামৰ এজন লোকে দৈগ্ৰোং চাহ বাগিচাৰ ১০ নং লাইনত এটা নাহৰফুটুকী বাঘৰ মৃতদেহ পৰি আছে বুলি খবৰ দিয়ে । তাৰ পাছতে বন বিভাগ উক্ত ঘটনাটোৰ বিষয়ে অৱগত হয় ৷
লগতে পঢ়ক : বন্যহস্তীৰ বদান্যতা, মৃত মাতৃৰ কাষৰ পৰা আঁতৰি নগ'ল হাতী পোৱালী