একালৰ সহকৰ্মী-শিক্ষাৰ্থীৰ সৈতে আনন্দ উপভোগত ব্যস্ত ৰাজ্যপাল কাটাৰিয়া - Gulab Chand Kataria in Jhadol - GULAB CHAND KATARIA IN JHADOL

🎬 Watch Now: Feature Video

thumbnail
একালৰ সহকৰ্মী-শিক্ষাৰ্থীৰ সৈতে আনন্দ উপভোগত ব্যস্ত ৰাজ্যপাল কাটাৰিয়া (ETV Bharat)

By ETV Bharat Assamese Team

Published : July 13, 2024 at 10:22 PM IST

|

Updated : July 13, 2024 at 10:57 PM IST

1 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, 13 জুলাই: শনিবাৰে অসমৰ ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াই ৰাজস্থানৰ কাটাৰিয়া জিলাৰ ঝাদোল গাঁৱত উপস্থিত হয় ৷ ইয়াতেই কাটাৰিয়াই প্ৰায় 55 বছৰ পূৰ্বে শিক্ষক হিচাপে কৰ্মজীৱনৰ আৰম্ভ কৰিছিল । স্থানডোখৰত উপস্থিত হৈ কাটাৰিয়াই পুৰণি বন্ধু-বান্ধৱীৰ লগতে প্ৰাক্তন শিক্ষাৰ্থীসকলৰ সৈতেও মত বিনিময়ত ভাগ লয় ।

ইয়াৰ লগতে গান গাই আনন্দ উপভোগ কৰাও পৰিলক্ষিত হয় কাটাৰিয়াক । উল্লেখ কৰা প্ৰয়োজন যে 1970 চনত কাটাৰিয়াই ঝাদোলৰ বিদ্যাপীঠ স্কুলতে শিক্ষক হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল । তিনি বছৰ শিক্ষকতা কৰাৰ অন্তত কাটাৰিয়াই সক্ৰিয় ৰাজনীতিত যোগদান কৰে ।

ঝাদোলত থকা কাটাৰিয়াৰ ফাৰ্মহাউচত আয়োজন কৰা হৈছিল এই আন্তৰিক অনুষ্ঠান । মত বিনিময়ৰ লগতে ৰাজ্যপালে তেওঁৰ সহকৰ্মী আৰু তেওঁ পঢ়োৱা ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে একেলগে ভোজভাত গ্ৰহণ কৰে ।

লগতে পঢ়ক: ৰাজস্থানত সামূহিক কল্যাণ কেন্দ্ৰ উদ্বোধন অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ - HOLISTIC WELLNESS CENTER

ভূৰাগাঁৱত বান পৰিস্থিতি পৰিদৰ্শন ৰাজ্যপাল কাটাৰীয়াৰ - Assam Flood 2024

Last Updated : July 13, 2024 at 10:57 PM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details