ভূৰাগাঁৱত বান পৰিস্থিতি পৰিদৰ্শন ৰাজ্যপাল কাটাৰীয়াৰ - Assam Flood 2024 - GOVERNOR AT BHURAGAON IN MORIGAON

🎬 Watch Now: Feature Video

thumbnail
ভূৰাগাঁৱত বান পৰিস্থিতি পৰিদৰ্শন ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াৰ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : July 4, 2024 at 6:46 PM IST

1 Min Read
Choose ETV Bharat

ধিং, 4 জুলাই : মৰিগাঁৱৰ ভূৰাগাঁৱত বান পৰিস্থিতি পৰিদৰ্শন ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ ৷ ভূৰাগাঁৱৰ বৰডোৱাটুপৰ বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লয় ৰাজ্যপালগৰাকীয়ে ৷ বান পৰিস্থিতি পৰিদৰ্শন কৰি বন্যাৰ্তক উপযুক্ত ক্ষতিপূৰণ আৰু সাহাৰ্যৰ আশ্বাস কাটাৰীয়াৰ ৷

উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি হোৱা মূষলধাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্ৰলয়ৰ সূচনা কৰা ভুৰাগাঁৱত আজি ৰাজ্যপালগৰাকী উপস্থিত হৈ মথাউৰিৰ ওপৰতে বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰে ৷ ৰাজ্যপালগৰাকীয়ে ভূৰাগাঁৱৰ বান শিবিৰত স্বাস্থ্য সেৱা প্ৰদান কৰা স্বাস্থ্যকৰ্মীৰ লগতো মত বিনিময় কৰে ৷ এই দুৰ্যোগৰ সময়ত ৰাইজে অতি ওচৰৰ পৰাই ৰাজ্যপালগৰাকীক পাই তেওঁলোকৰ বিভিন্ন অভাৱ-অভিযোগৰ কথা অৱগত কৰে ৷ ৰাজ্যপালগৰাকীয়ে বানাক্ৰান্ত ৰাইজৰ সকলো সমস্যাৰ কথা মুখ্যমন্ত্ৰীক অৱগত কৰি শীঘ্ৰেই ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ৰাইজক আশ্বাস দিয়ে ৷

লগতে পঢ়ক : কেশৱ মহন্তৰ লগত যি হ’ল, সেয়া মাথো আৰম্ভণিহে : ভূপেন বৰা - Assam Flood 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details