মহানগৰীত সোণাৰিৰ হাতত আৰক্ষীৰ খাৰু - Theft Incident In Guwahati
🎬 Watch Now: Feature Video

Published : July 16, 2024 at 7:02 PM IST
গুৱাহাটী, ১৬ জুলাই: মহানগৰীত উৎখাত সোণ চোৰৰ বৃহৎ চক্ৰ । ভগদত্তপুৰ আৰক্ষীৰ জালত পৰিল চক্ৰটোৰ পাঁচ সদস্য । কাহিলীপাৰা পাৱাৰ হাউছৰ ভৈৰৱ বৰ্মনৰ ঘৰৰ পৰা যোৱা আঠ জুলাইত আৰক্ষীৰ জালত পৰা চক্ৰটোৱে লুটি নিছিল সাত লক্ষাধিক টকাৰ আ-অলংকাৰ । কিন্তু ভাগ্য বেয়া আছিল এই চক্ৰটোৰ । কিয়নো চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল চিচি টিভি কেমেৰাত। ইয়াৰ পিচতে ভগদত্তপুৰ আৰক্ষীয়ে চিচি টিভি কেমেৰাৰ ফুটেজৰ ভিত্তিত তদন্ত চলাই চুৰিকাণ্ড সংঘটিত কৰা দুই চোৰ ক্ৰমে বৰপেটাৰ লালচান আলী আৰু সাতগাঁৱৰ সোণ কুমাৰ দাসক গ্ৰেপ্তাৰ কৰে ।
পিচত দুই চোৰক জেৰা চলাই লাখটকীয়াৰ তিনি সোণাৰি ক্ৰমে আকবৰ আলী, নিৰ্মল মণ্ডল আৰু জীৱন কৰ্মকাৰক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰে পাঁচ লক্ষাধিক টকাৰ সোণ । উল্লেখ্য় যে দুই চোৰে চুৰি কৰা সোণখিনি বিক্ৰী কৰিছিল লাখটকীয়া অঞ্চলৰ এই তিনি সোণাৰিক । সোণাৰি কেইটাই সোণখিনি গলাই এখন বিস্কুট তৈয়াৰ কৰে যদিও আটাইকেইটাই আৰক্ষীৰ জালত পৰে ।