ভণ্ড বেজে ঘৰৰ ভিতৰৰ পৰাই লুটি নিলে 4 লাখ টকাৰ সোণৰ আ-অলংকাৰ - Looted by fake Baba in dibrugarh - LOOTED BY FAKE BABA IN DIBRUGARH

🎬 Watch Now: Feature Video

thumbnail
বেজ-বেজালিৰ নাম লৈ ঘৰৰ ভিতৰৰ পৰাই লুটি নিলে লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 13, 2024 at 10:52 PM IST

1 Min Read
Choose ETV Bharat

মৰাণ, 13 জুলাই: আপুনিও জৰা-ফুকা, বেজ-বেজালি আদিত বিশ্বাস কৰে নেকি ? কৰে যদি সাৱধান ! কাৰণ এতিয়া এইবোৰৰ আঁৰ লৈ একাংশই আৰম্ভ কৰিছে ঠগ-প্ৰৱঞ্চনা ৷ সহজে ধন ঘটাৰ বাবে বহু ভণ্ডই গ্ৰহণ কৰিছে এই পন্থা । 

ডিব্ৰুগড়ত ভণ্ড বাবাই 4 লাখ টকাৰ সোণৰ আ-অলংকাৰ লুটি নিয়াৰ ঘটনা পোহৰলৈ আহিছে । চহৰখনৰ উপকন্ঠ অঞ্চল ডিকম নাহৰতলী গ্ৰান্ট গাঁও নিবাসী প্ৰদীপ বাল্মিকী নামৰ ব্যক্তিগৰাকীৰ বাসগৃহৰ পৰা শুকুৰবাৰে দুই ভণ্ড বাবাই লুটি লৈ যায় 4 লাখ টকাৰ সোণৰ আ-অলংকাৰ ।

ভুক্তভোগীয়ে জনোৱা মতে, ঘৰত কোনো নথকাৰ সুযোগ লৈ প্ৰদীপ বাল্মিকীৰ পত্নীৰ পৰা বিভিন্ন তন্ত্ৰ-মন্ত্ৰ কৰাৰ চলেৰে সোণৰ আ-অলংকাৰ লুটি পলায়ন কৰে দুই ভণ্ড বাবাই । নিশা প্ৰদীপ বাল্মিকী ঘৰলৈ উভতি অহাৰ পাচতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে । ঘটনা পোহৰলৈ অহাৰ পাচতে পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । 

ঘটনা পোহৰলৈ অহাৰ পাচতে ভণ্ড বাবাৰ বিৰুদ্ধে ডিকম আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে । আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক: লণ্ডভণ্ড ভূপেন বৰাৰ বাসগৃহ: পৰিকল্পিত ঘটনা বুলি দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ - Bhupen Borah

বিধায়ক আৱাসৰ গাতে লাগি থকা নামঘৰত চোৰৰ চাফাই - Theft incident

মঙলদৈত চোৰ, প্ৰৱঞ্চকৰ উপদ্ৰৱ, একেদিনাই লুটিলে দুগৰাকীক - Theft Incident In Mangaldoi

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details