thumbnail

গুৱাহাটী মহানগৰীত সুৰক্ষাহীনতা: চোকা অস্ত্ৰ দেখুৱাই মহিলাৰ ডিঙিৰ সোণৰ চেইন কাঢ়িলে দুৰ্বৃত্তই - chain snatching in Guwahati

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 10:54 AM IST

গুৱাহাটী, ১২ ছেপ্টেম্বৰ : পুনৰ মহানগৰীত চিলনী চোৰৰ সন্ত্রাস । স্মাৰ্ট আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ লৈ মহানগৰীত সঘনাই বৃদ্ধি পাবলৈ ধৰিছে চেইন চুৰি, মোবাইল চুৰিৰ দৰে একাধিক অপৰাধমূলক ঘটনা । ইয়াৰ মাজতেই বৃহস্পতিবাৰে পুনৰ অনুৰূপ ঘটনা সংঘটিত হয় । এগৰাকী মহিলাই প্ৰাতঃভ্ৰমণলৈ ওলাই যাওঁতে চোকা অস্ত্ৰ দেখুৱাই দুৰ্বৃত্তই কাঢ়ি নিলে ডিঙিৰ সোণৰ চেইন ।

এইবাৰ ঘটনা সংঘটিত হৈছে মহানগৰীৰ ছয়মাইলৰ ভি আই পি পথত । ভুক্তভোগী মহিলাগৰাকীয়ে এই ঘটনাৰ বিষয়ে বৰ্ণনা কৰি কয়, "নম্বৰ প্লেটবিহীন এখন বাইকত অহা দুটা চিলনী চোৰে প্ৰথমতে মোক কিবা এটা সুধিবলৈ ৰয় । তাৰ পিচত এজনে মোক চোকা অস্ত্ৰ দেখুৱাই ডিঙিৰ পৰা সোণৰ চেইনডাল কাঢ়ি লৈ পলায়ন কৰে ।"

ইফালে চিলনী চোৰে টনা-আঁজোৰা কৰাত মহিলাগৰাকীযে ডিঙিত আঘাত পায় । পিচত ভুক্তভোগী মহিলাগৰাকীয়ে 'চোৰ চোৰ' বুলি চিঞৰাত উক্ত স্থানত কেইজনমান লোক উপস্থিত হয় যদিও চোৰ দুটা পলাই যাবলৈ সক্ষম হয় ।

লগতে পঢ়ক :এছ টি এফে আটক কৰি কোনো অজ্ঞাত স্থানত ৰাখিছে চুমী আৰু তাৰ্কিক বৰাক - STF apprehended Sumi Borah
লগতে পঢ়ক : ডিব্ৰুগড়ত আটক চুমী, বৰঝাৰতো আৰক্ষীৰ জালত পৰিল প্ৰায় ১০০ কোটি টকাৰ কেলেংকাৰীত জড়িত মাইনাও ব্ৰহ্ম - Online trading scam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.