সুদখোৰৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ অভিযান; 9 সুদখোৰক গ্ৰেপ্তাৰ - Govt of Assam
🎬 Watch Now: Feature Video

Published : March 17, 2024 at 10:54 AM IST
গোলাঘাট, 17 মাৰ্চ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী প্ৰশাসনক সুদখোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে এই অভিযান ৷ শুকুৰবাৰৰ নিশা গোলাঘাটৰ বিভিন্ন স্থানত আৰক্ষীয়ে সুদখোৰৰ বিৰুদ্ধে অভিযান চলায় ৷ অভিযান কালত এগৰাকী যুৱতীসহ ন জনকৈ সুদখোৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
অভিযান কালত বিভিন্ন ধৰণৰ আপত্তিজনক নথি-পত্ৰ জব্দ কৰে আৰক্ষীয়ে । ইয়াৰ পাচতে সুদখোৰকেইটাক গোলাঘাট আদালতত হাজিৰ কৰোৱাই পুনৰ আৰক্ষীয়ে জিম্মাত লয় ৷ শুকুৰবাৰে নিশা গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত গোলাঘাটৰ বিভিন্ন প্ৰান্তত চলোৱা অভিযানত পিষুজ পাল, দাৰুল ইছলাম, শ্বাহনাৱাজ আহমেদ ওৰফে দীপমইনা, ইঞ্জামুল হ’ক, ৰিকু তামুলী, তুলো আহমেদ, সহন গুপ্তা, বিধিছ গগৈ আৰু এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
অভিযুক্ত সুদখোৰ দাৰুল ইছলামৰ বাসগৃহৰ পৰা ব্লেংক চেক, দলিল, সুদত টকা দিয়াৰ চুক্তিপত্ৰ আদিৰ লগতে বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ।
লগতে পঢ়ক: মৰিয়নীত সুদখোৰৰ দপদপনি: মুখ্যমন্ত্ৰীৰ বিপৰীত স্থিতিত আৰক্ষী