নাগৰিকত্ব সংশোধনী আইনৰ নিৰ্দেশ প্ৰত্যাহাৰৰ দাবীত আছুৰ প্ৰতিবাদ - Protest against CAA
🎬 Watch Now: Feature Video

Published : July 16, 2024 at 4:26 PM IST
গোলাঘাট, 16 জুলাই: ৰাজ্য চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰি 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অসমলৈ অহা লোকক নাগৰিকত্ব সম্পৰ্কীয় গোচৰ বিদেশী ন্যায়াধিকৰণত নপঠিয়াবলৈ গৃহ বিভাগে সীমান্ত শাখাৰ সঞ্চালকালয়লৈ এক নিৰ্দেশনা প্ৰেৰণ কৰাৰ পাচতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে আছু ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাতো গোলাঘাট আছুৱে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী । মঙলবাৰে গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত গৃহ বিভাগে প্ৰেৰণ কৰা অধিসূচনাৰ প্ৰতিলিপি দাহ কৰি গোলাঘাট আছু সোচ্ছাৰ হ’ল চৰকাৰৰ বিৰুদ্ধে ।
উক্ত প্ৰতিবাদী কাৰ্যসূচীত জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈয়ে অংশগ্ৰহণ কৰি কয়, "ৰাজ্য চৰকাৰে বৃহত্তৰ অসমীয়া জাতি ধ্বংস কৰিবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছো ৷ অনাগত দিনত এই আইনৰ বিৰুদ্ধে কঠোৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব ৷"
উল্লেখ্য যে, ৰাজ্য চৰকাৰে সোমবাৰে এক নিৰ্দেশযোগে 2014 চনৰ 31 ডিচেম্বৰৰ ভিতৰত অসমত অবৈধভাবে বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ পৰা প্ৰৱেশ কৰা হিন্দু, জৈন, পাৰ্চী, শিখ আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণ আদালতত গোচৰ দি হাৰাশাস্তি নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।