গণেশ বন্দনাৰে মুখৰিত মহানগৰী

🎬 Watch Now: Feature Video

thumbnail
গুৱাহাটীত গণেশৰ বন্দনা (undefined)

By ETV Bharat Assamese Team

Published : February 13, 2024 at 2:46 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী: আজি গণেশ পূজা । সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত গুঞ্জৰিত হৈছে গণেশৰ বন্দনা । গণেশৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰ । মন্দিৰৰ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, উৰুলি, শংখৰ ধ্বনিৰে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে । গণেশ চতুৰ্থী উপলক্ষে ভক্তই ভিৰ কৰিছে পূজাস্থলী সমূহত । ৰং-বিৰঙী আলোকসজ্জাৰে সজাই তোলা হৈছে গণেশ মন্দিৰসমূহ । গণেশ চতুৰ্থীৰ দিনা ধূপ- দীপ জ্বলাই পূজা অৰ্চনা কৰিবলৈ গণেশ মন্দিৰত ভিৰ কৰিছে ভক্তপ্ৰাণ ৰাইজে । ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও ।  

ঐতিহ্যমণ্ডিত গণেশগুৰিৰ গণেশ মন্দিৰ আৰু লতাশিলৰ গণেশ মন্দিৰত পুৱাৰে পৰা ভক্তই ভিৰ কৰিছে । পুৱাৰে পৰা গণেশক দৰ্শনৰ বাবে ভক্তৰ লানি  নিচিগা সোঁত বৈছে । হিন্দু ধর্মৰ দেৱতাসকলৰ ভিতৰত গণেশ অন্যতম ৷ সেয়েহে মহানগৰীৰ গণেশগুৰিৰ গণেশ মন্দিৰ, লতাশিল, খানাপাৰাকে ধৰি অন্যান্য ঠাইতো আয়োজন কৰা কৰা সিদ্ধিদাতা গণেশৰ পূজা ৷ সকলো বিপদৰ পৰা হাত সাৰি বছৰটো যাতে ভালে কুশলে যায় তাৰ বাবেই প্ৰাৰ্থনা কৰিছে  সকলোৱে ।

লগতে পঢ়ক:উপ-ৰাষ্ট্ৰপতিৰ গুৱাহাটী ভ্রমণৰ বাবে মহানগৰীত পথ নিৰ্দেশনা