গুৱাহাটী মহানগৰী পালেহি গঁড়: উহাদিহ পোৱা নাই বন বিভাগে
🎬 Watch Now: Feature Video

Published : February 28, 2025 at 4:46 PM IST
গুৱাহাটী: চৰকাৰ-প্ৰশাসন তথা বন বিভাগৰ নিষ্ক্ৰিয় ভূমিকাৰ সুযোগ লৈ ৰাজ্যত অবাধ গতিত চলিছে বন ধ্বংসযজ্ঞ । যাৰ পৰিণতিত ক্ৰমাৎ সংকুচিত হৈ আহিছে বন্য জীৱ-জন্তুৰ খাদ্য আৰু বিচৰণস্থলী । ফলত খাদ্যৰ সন্ধানত প্ৰায়ে বন্য জীৱ-জন্তুৱে বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰিবলৈ ধৰিছে । গুৱাহাটী মহানগৰীৰ নাৰেংগীৰ সমীপৱৰ্তী পশ্চিম চপাইদাং অঞ্চলত এহাল গঁড়ৰ মুক্ত বিচৰণক লৈ অঞ্চলটোত সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ ।
অঞ্চলটোৰ ৰাইজৰ পৰা জানিব পৰা মতে যোৱা দুদিন ধৰি পশ্চিম চপাইদাং অঞ্চলত অৱস্থান কৰি আছে এশিঙীয়া গঁড় দুটাই । স্থানীয় লোকৰ খবৰৰ ভিত্তিত শুক্ৰবাৰে সেই স্থানত উপস্থিত হয় বন বিভাগৰ দল । বনকৰ্মীৰ পৰা জানিব পৰা মতে অঞ্চলটোত গঁড়ৰ ভৰিৰ চিহ্ন আৰু গোবৰ পৰি থকা প্ৰত্যক্ষ কৰাৰ পিছত গঁড়ৰ অৱস্থিতি নিশ্চিত কৰা হয় । অৱশ্যে বৰ্তমান গঁড়কেইটা কোন ঠাইত অৱস্থান কৰি আছে তাৰ কোনো সম্ভেদ উলিয়াব পৰা নাই । গঁড়কেইটা পাহাৰৰ ঘন জংঘলৰ মাজত লুকাই থকাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজ তথা বন বিভাগে । ইফালে গঁড়ৰ অৱস্থিতিৰ পিছত স্থানীয় ৰাইজে এতিয়া ভয়-শংকাৰ মাজেৰে সময় পাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।