স্থাপনৰ দুদিনৰ পিচতেই নগাঁৱত ভাঙিলে প্ৰদ্যুৎ বৰদলৈয়ে স্থাপন কৰা আধাৰশিলা - Nagaon foundation stone controversy - NAGAON FOUNDATION STONE CONTROVERSY

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : July 23, 2024 at 4:44 PM IST

Updated : July 23, 2024 at 6:21 PM IST

2 Min Read

নগাঁও, ২৩ জুলাই : নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে স্থাপন কৰা আধাৰশিলা ভাঙি নিয়া ঘটনাক কেন্দ্ৰ কৰি নগাঁৱৰ কংগ্ৰেছ মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ঘটনাক লৈ সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা মৃণাল হাজৰিকাই ।  

বিগত 19 জুলাই তাৰিখে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ সাংসদ উন্নয়ন পুঁজিৰ পৰা আবণ্টন দিয়া ধনেৰে নগাঁও চহৰৰ ষ্টাৰ স্পৰ্টিং ক্লাবৰ নতুন ভৱন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । কিন্তু আধাৰশিলা স্থাপন কৰাৰ মাত্ৰ তিনিটা দিন পাছতেই অৰ্থাৎ সোমবাৰে নিশা হঠাৎ কোনো অচিনাক্ত দুৰ্বৃত্তই আধাৰশিলাৰ ফলক ভাঙি লৈ যায় ।  

ইয়াকে লৈ এতিয়া নগাঁও কংগ্ৰেছ মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । আধাৰশিলাৰ ফলক ভাঙি নিয়া কাৰ্য যেন কোনো কাৰণতে সহজভাৱে ল'ব পৰা নাই নগঞা কংগ্ৰেছ মহলে । কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ আধাৰশিলাৰ ফলক ভাঙি নিয়া ঘটনাত কোন জড়িত সেয়া স্পষ্ট হোৱা নাই যদিও আধাৰশিলাৰ ফলক ভাঙি নিয়া ঘটনাত ৰাজনৈতিক ষড়যন্ত্ৰৰ গোন্ধ পাইছে নগাঁও কংগ্ৰেছৰ একাংশ নেতাই । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নগাঁৱৰ কংগ্ৰেছ নেতা মৃণাল হাজৰিকাই এয়া ৰাজনৈতিক ষড়যন্ত্ৰ বুলি সন্দেহ প্ৰকাশ কৰিছে ।

উল্লেখ্য, আধাৰশিলা স্থাপন কৰা ষ্টাৰ স্পৰ্টিং ক্লাবৰ সীমাক লৈ কিছু সংঘাত চলি থকা বুলিও জানিব পৰা গৈছে । 

লগতে পঢ়ক :একেদিনাই দুখনকৈ বৈঠকত অংশগ্ৰহণ কৰি পঞ্চায়ত নিৰ্বাচনলৈ সাজু ঘোষণা বিধায়িকা শিৱামণি বৰাৰ - MLA SIBAMONI BORA
লগতে পঢ়ক :নগাঁৱত চাইবাৰ অপৰাধীৰ ভয়ংকৰ জাল; গ্ৰেপ্তাৰ 5 চাইবাৰ অপৰাধী - Cyber criminal arrested
Last Updated : July 23, 2024 at 6:21 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.