কামাখ্যা প্ৰাথমিক বিদ‍্যালয়ৰ নৱীকৰণৰ আধাৰশিলা স্থাপন - IAS Pawan Kumar Borthakur

🎬 Watch Now: Feature Video

thumbnail
কামাখ্যা প্ৰাথমিক বিদ‍্যালয়ৰ নৱীকৰণৰ আধাৰশিলা স্থাপন (undefined)

By ETV Bharat Assamese Team

Published : February 28, 2024 at 7:22 PM IST

1 Min Read
Choose ETV Bharat

কলিয়াবৰ,২৮ ফেব্ৰুৱাৰী: ভাৰতীয় তেল নিগমৰ উদ‍্যোগত কলিয়াবৰ শিক্ষাখণ্ড অন্তৰ্গত ১৯৬১ চনতে স্থাপিত হোৱা নাম কামাখ্যা প্ৰাথমিক বিদ‍্যালয়খনিৰ নৱীকৰণৰ আধাৰশিলা স্থাপন কাৰ্যসূচী সম্পন্ন কৰা হয় । আধাৰশিলা স্থাপনৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে । ভাৰতীয় তেল নিগমৰ কেইবাগৰাকী শীৰ্ষ বিষয়াৰ লগতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াও উপস্থিত থাকে ।  

মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে প্ৰায় ৫০ বছৰ পূৰ্বে পঢ়ি যোৱা বিদ‍্যালয়খনিৰ অভাৱসমূহ দুৰ কৰাৰ মানসেৰে ভাৰতীয় তেল নিগমক বিদ‍্যালয়খনিৰ বাবে কিছু কাম কৰিবৰ বাবে অনুৰোধ জনাইছিল । সেই অনুৰোধ ৰক্ষা কৰি অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰামৰ্শ অনুসৰি ভাৰতীয় তেল নিগমে CSR পুঁজিৰ অধীনত বিদ‍্যালয়খনিৰ চিলিঙৰ ব‍্যৱস্থা, পকী বেৰৰ মেৰামতি, দুৱাৰ খিৰিকী মেৰামতি, ভোজনালয়ৰ মেৰামতি, খোৱাপানীৰ সু-ব‍্যৱস্থা, চৌহদৰ উদ‍্যান নিৰ্মাণ, পানী নিষ্কাষণ বাবে নলাৰ ব‍্যৱস্থা, প্ৰয়োজনীয় ডেক্স, বেঞ্চৰ ব‍্যৱস্থা আদি কৰিব এই আঁচনিৰ জৰিয়তে ।

লগতে পঢ়ক: বোকাখাতৰ গড়মূৰত একেখন ৰভাতলিত বিয়াত বহিল ৩২ যোৰা দৰা-কইনা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details