ৰহা সমষ্টিৰ প্ৰাক্তন বিধায়ক জগদীশ দাসৰ পৰলোক - Jagadish Das Death

🎬 Watch Now: Feature Video

thumbnail
জগদীশ দাসৰ পৰলোক (undefined)

By ETV Bharat Assamese Team

Published : February 27, 2024 at 4:19 PM IST

1 Min Read
Choose ETV Bharat

নগাঁও, 27 ফেব্ৰুৱাৰী: নগাঁৱৰ ৰহা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অধিবক্তা জগদীশ দাস আৰু নাই । মঙলবাৰে পুৱা ১০ মান বজাত নগাঁও চহৰৰ নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে ৰহা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক জগদীশ দাসৰ । বাৰ্ধক্যজনিত ৰোগত মঙলবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিধায়ক জগদীশ দাসে  ।

১৯৩৯ চনৰ ১৩ জুলাইত নগাঁৱত জন্মগ্ৰহণ কৰা জগদীশ দাসৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৫ বছৰ ৷ উল্লেখ্য যে ১৯৭২ চনত ৰহা বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল প্ৰয়াত দাস  ৷ পৰৱৰ্তী সময়ত অধিবক্তা হিচাপে সেৱা আগবঢ়াই গৈছিল প্ৰয়াত জগদীশ দাসে ।

ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী শক্তিশালী নেতাও আছিল জগদীশ দাস । কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক তথা অধিবক্তা জগদীশ দাসৰ মৃত্যুৰ খবৰ পোৱাৰ পিচত নগাঁৱৰ একাংশ কংগ্ৰেছ নেতাৰ লগতে নগাঁও উকীল সন্থাৰ অধিবক্তা জগদীশ দাসৰ বাসগৃহত উপস্থিত হৈ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

লগতে পঢ়ক: মুম্বাই আৰক্ষীয়ে শেষ শ্ৰদ্ধা জনাব পংকজ উধাছক

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details