ভোটধিকাৰ সাব্যস্ত কৰিলে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
ভোটধিকাৰ সাব্যস্ত কৰিলে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমায়ে (undefined)

By ETV Bharat Assamese Team

Published : April 19, 2024 at 10:15 PM IST

1 Min Read
Choose ETV Bharat

বকো,১৯ এপ্ৰিল: শুকুৰবাৰে অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়তো অনুষ্ঠিত হয় লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । তুৰা লোকসভা সমষ্টিৰ বাবে ভোটদান কৰে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই । ছাউথ ৱেষ্ট গাৰো হিলছ জিলা সদৰ আমপাটিত ভোটাধিকাৰ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে । আনহাতে, তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী জেনিথ এম চাংমায়ো ভোটদান কৰে । সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ কয় যে তুৰা লোকসভা সমষ্টিত প্ৰতিষ্ঠান বিৰোধী ঢৌ বলিছে, ৰাইজে পৰিৱৰ্তন বিচাৰিছে ।  

ৰাজ্য চৰকাৰৰ কু-শাসন, নিবনুৱা সমস্যা, অনুন্নত বাট-পথৰ সমস্যাত জৰ্জৰিত হৈ আছে । ৬৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰে বাংলাদেশলৈ চোৰাং সামগ্ৰীৰ সৰবৰাহৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে শাসকীয় দলৰ অকৰ্মন্যতাৰ বাবে এনে ঘটনা ঘটিছে । তুৰা লোকসভা সমষ্টিত এন পি পিৰ প্ৰাৰ্থীৰ সৈতে কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ তিনিকোণীয়া যুঁজ হ'ব বুলি মন্তব্য কৰি টি এম চি দলে শেষ হাঁহি মাৰিব বুলি তেওঁ আশা ব্যক্ত কৰে । উল্লেখযোগ্য যে, বিয়লি ৩ বজালৈ ৬৩.০৪% ভোটদান সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে । 

লগতে পঢ়ক: আৰম্ভ ভোটযুদ্ধ : কোন কোন বিধায়কে সাব্যস্ত কৰিলে ভোটাধিকাৰ ? - Lok Sabha Election 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details