ভেণ্ডিং জ’নৰ ব্যৱস্থা নকৰালৈকে উচ্ছেদ বন্ধ ৰখাৰ দাবী পদপথ ব্যৱসায়ী সংস্থাৰ - Street vendors in Guwahati - STREET VENDORS IN GUWAHATI

🎬 Watch Now: Feature Video

thumbnail
শীঘ্ৰেই ভেণ্ডিং জ’নৰ ব্যৱস্থা কৰাৰ দাবী (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : July 1, 2024 at 7:03 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, 1 জুলাই : মহানগৰীত ন’ ভেণ্ডিং জ’ন সম্পৰ্কে মেয়ৰ মৃগেন শৰণীয়াই কৰা মন্তব্যৰ পিচতে জাঙুৰ খাই উঠিছে পদপথ ব্যৱসায়ী সংস্থা অসম ৷ পদপথ ব্যৱসায়ী সংস্থা অসমৰ সভাপতি চন্দন গোস্বামীয়ে ভেণ্ডিং জ’নৰ ব্যৱস্থা নকৰালৈ উচ্ছেদ বন্ধ ৰাখিবলৈ দাবী জনাইছে ৷ উচ্ছেদ কৰিলেই সমস্যা সমাধান নহয় বুলি উল্লেখ কৰি গোস্বামীয়ে কয় বাৰম্বাৰ দাবী কৰি থকাৰ পিচতো আজিলৈ ভেণ্ডিং জ’ন দিব পৰা নাই, সেয়া দুখ লগা বিষয় ৷  

উল্লেখ্য যে শনিবাৰে মেয়ৰ মৃগেন শৰণীয়াই মহানগৰীৰ পথৰ য’তে-ত’তে পদপথত ব্যৱসায় কৰিব নোৱাৰিব বুলি মন্তব্য কৰিছিল ৷ পৌৰ নিগমে নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট ভেণ্ডিং জ’নতহে ব্যৱসায় কৰিব পাৰিব বুলি কৈছিল মেয়ৰগৰাকীয়ে ৷ লগতে গুৱাহাটীৰ বিদ্যালয়, মন্দিৰ, নামঘৰৰ সন্মুখত পদপথৰ ব্যৱসায় কৰিব নোৱাৰিব বুলিও প্ৰকাশ কৰিছিল মেয়ৰ মৃগেন শৰণীয়াই ৷ তেওঁ শনিবাৰে সংবাদ মাধ্যমৰ আগত কৈছিল যে, মহানগৰৰ যাতায়তৰ প্ৰতি লক্ষ্য ৰাখি ন’ ভেণ্ডিং জ’নৰ ব্যৱস্থা কৰা হ'ব  ৷ মহানগৰীৰ শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয়, মন্দিৰ-নামঘৰ আদিৰ সমীপৰ পদপথ ন' ভেণ্ডিং জ'ন হিচাপে শীঘ্ৰেই পৌৰ নিগমে চিহ্নিত কৰিব বুলি সদৰী কৰিছিল তেওঁ ৷

লগতে পঢ়ক : মহানগৰীৰ কেইবাটাও স্থানত কৰিব নোৱাৰিব পদপথৰ ব্যৱসায় - Street vendors in Guwahati

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details