লোকশিল্পী তীর্থ নাথ ওজাক ধৰ্মদেৱ বিপ্ৰ বঁটা প্ৰদান - Dharmadeva Vipra Award

🎬 Watch Now: Feature Video

thumbnail
বিশিষ্ট লোক শিল্পী তীর্থ নাথ ওজাক ধৰ্মদেৱ বিপ্ৰ বঁটা প্ৰদান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 4, 2024 at 8:48 PM IST

2 Min Read
Choose ETV Bharat

মঙলদৈ, 4 আগষ্ট : বিশিষ্ট লোকশিল্পী তীর্থ নাথ ওজাক তনুৰাম ৰাজবংশী শাস্ত্ৰী সোঁৱৰণী ধৰ্মদেৱ বিপ্ৰ বঁটা প্ৰদান ৷ দৰং-ওদালগুৰি জিলাৰ লোকশিল্পীসকলৰ কল্যাণৰ বাবে গঠন হোৱা অবিভক্ত দৰং জিলা লোকশিল্পী কল্যাণ নিধিয়ে দৰঙী লোককৃষ্টিৰ ব্যাস সংগীতৰ খ্যাতনামা শিল্পী তীর্থ নাথ ওজাক এই বঁটা প্ৰদান কৰে ৷ মঙলদৈৰ সনাতন ধর্মসভা প্ৰাগণত আয়োজন কৰা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত লোক শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰা হয় ৷ উল্লেখ্য যে,অবিভক্ত দৰং জিলা লোকশিল্পী কল্যাণ নিধিয়ে সদৌ অসম ভিত্তিত প্ৰৱৰ্তন কৰা এই বঁটা প্ৰতিবছৰে প্ৰদান কৰি আহিছে৷  

এই অনুষ্ঠানতে পাঁচ গৰাকী বিশিষ্ট লোকশিল্পীক আৰ্থিক সাহায্য প্ৰদানেৰে সম্বৰ্ধনা জনোৱা হয় ৷ ছিপাঝাৰ বানেইকুছি খোলীয়া ভাৱৰীয়া শিল্পী সোণাৰাম শৰ্মা, ছিপাঝাৰ মেটাপাৰাৰ পকাদলি, চিয়াগীত, লোকগীত, নাগাৰা নামৰ শিল্পী ভুৱনেশ্বৰ নাথ, কলাইগাঁও বন নগৰীৰ চিয়াগীত, লোকগীত, দোতাৰাৰ শিল্পী পুষ্প হাজৰিকা, ছিপাঝাৰ মাহৰিপাৰাৰ সুকন্নানী ওজা শিল্পী ভদ্ৰেশ্বৰ ডেকা আৰু মঙলদৈৰ বেজপাৰাৰ ওজাপালি শিল্পী হেমেশ্বৰ কলিতাক সম্বৰ্ধনা জনোৱা হয় ৷  

সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী, পদ্মশ্ৰী সন্মান প্ৰাপক তথা বিশিষ্ট লোক শিল্পী দ্ৰোণ ভূঞা, অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা প্ৰাপক ধৰ্মেশ্বৰ নাথ ওজা, সাংস্কৃতিক কৰ্মী ৰাজীৱ কুমাৰ ডেকা, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, অসম মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা দেৱী, মঙলদৈ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকা ৷ 

লগতে পঢ়ক : সৰুপথাৰৰ টিনা লাহনৰ শিৰত 'স্পাৰ্ক মিচ টিন আচাম-২০২৪' ৰানাৰ্চ আপৰ মুকুট - Spark Miss Teen Assam 2024