মাজুলীত হাহাকাৰ : সোমবাৰে নিশা ছিগিল মথাউৰি - Assam Flood 2024 - ASSAM FLOOD 2024

🎬 Watch Now: Feature Video

thumbnail
বহ্মপুত্ৰৰ বাঢ়নী পানীয়ে মাজুলীত উটুৱাই নিলে মথাউৰি (ETV Bharat)

By ETV Bharat Assamese Team

Published : July 1, 2024 at 10:19 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী, 1 জুলাই : আহাৰমহীয়া বানত বুৰ গৈছে মাজুলীৰ নৈপৰীয়া গাঁওসমূহ ৷ ঘৰৰ ভিতৰত একঁকাল, এবুকু পৰ্যন্ত পানী ৷ যোৱা কেবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ ফলত বাঢ়নী পানীয়ে বুৰাই পেলাইছে মাজুলীৰ বিভিন্ন অঞ্চল ৷  

ইফালে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সোমবাৰে নিশা মাজুলীত উটুৱাই নিলে মথাউৰি ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিগিলে মাজুলী আউনীআটী সত্ৰৰ সমীপৰ জুগুনধাৰী গাঁও আৰু বোকোৰা গাঁৱৰ মাজৰ মথাউৰি ৷ এই ঠাইত মথাউৰি ছিগাৰ ফলত আউনীআটী সত্ৰৰ লগতে মাজুলীলৈ বৃহৎ ভাবুকি আহি পৰিছে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বিজ্ঞানসন্মতভাৱে মথাউৰি নিৰ্মাণ নকৰাৰ ফলতেই বহ্মপুত্ৰৰ বানে উটুৱাই নিলে মথাউৰিটো ৷ ইতিমধ্যে বহ্মপুত্ৰৰ পানীয়ে বুৰাই পেলাইছে মথাউৰিৰ ভিতৰৰ বহুকেইখন গাঁও ৷ কেবাটাও পৰিয়াল এতিয়াও আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : চৌদিশে প্ৰলয় : বলিয়া বানৰ বাবে বাতিল হ’ল বিবাহ অনুষ্ঠান - Assam Flood 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details