ভূমি বিবাদক কেন্দ্ৰ কৰি কাছাৰত মহিলাসহ আহত 5 - cachar police

🎬 Watch Now: Feature Video

thumbnail
ভূমি বিবাদক কেন্দ্ৰ কৰি কাছাৰত মহিলা সহ আহত 5 (undefined)

By ETV Bharat Assamese Team

Published : February 12, 2024 at 12:04 PM IST

1 Min Read
Choose ETV Bharat

কাছাৰ, 12 ফেব্ৰুৱাৰী: ভূমি বিবাদক কেন্দ্র কৰি কাছাৰৰ কাটিগড়াত দুটা পক্ষৰ মাজত তুমুল মাৰপিটৰ ঘটনা সংঘটিত হৈছে । ভয়ংকৰ এই মাৰপিটৰ ঘটনাত উভয় পক্ষৰ পাঁচজনকৈ লোক গুৰুতৰভাবে আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে । প্রাপ্ত খবৰ অনুসৰি, কাটিগড়া জগদীশপুৰ অঞ্চলৰ বাসিন্দা চাহাব উদ্দিন আৰু আজিৰ উদ্দিনৰ মাজত দীর্ঘদিন ধৰি ভূমিকেন্দ্ৰিক বিবাদ চলি আহিছিল । 

কিন্তু দেওবাৰে এই ভূমিকেন্দ্ৰিক বিবাদে এক ভয়ংকৰ ৰূপ ধাৰণ কৰে । বিবদমান ভূমি দখল কৰাক লৈ দুপক্ষৰ মাজত তুমুল সংঘৰ্ষৰ সৃষ্টি হয় । হাতত দা, লাঠিসহ বিভিন্ন চোকা অস্ত্ৰলৈ এক পক্ষই আন পক্ষক আক্রমণ চলায় । চূৰ-মাৰ কৰি পেলোৱা হয় ঘৰ-দুৱাৰসহ দুখন বাহন । 

দুই পক্ষৰ এই ভয়ংকৰ মাৰপিটত উভয় পক্ষৰ পাঁচজনকৈ লোক আহত হয় । আহত লোককেইজন চাহাব উদ্দিন, শামিম উদ্দিন, ছফিয়া বেগম, ফাৰুক আহমেদ আৰু নুৰ আহমেদ । আহতসকলক ততাতৈয়াকৈ হাস্পতালত প্ৰেৰণ কৰা হয় । ইপিনে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে এজনক আটক কৰে । 

লগতে পঢ়ক: ভূমি বিবাদক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট; আহত প্ৰায় 20 জন

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details