অসমীয়া ছবি প্ৰদৰ্শন হোৱাৰ সময়তেই ভূমি মহলাত অগ্নিকাণ্ড - Fire break out in Guwahati

🎬 Watch Now: Feature Video

thumbnail
অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : September 22, 2024 at 10:34 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, ২২ ছেপ্টেম্বৰ: গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীস্থিত অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম তথা আইদেউ সন্দিকৈ অট্টালিকাটোৰ ভূমি মহলাত দেওবাৰে সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা । অট্টালিকাটোৰ কনফাৰেঞ্চ হলত থকা এচিৰ বৈদ্যুতিক বিজুতিৰ ফলত সংঘটিত হয় অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে নিগমৰ কনফাৰেঞ্চ হলটোৰ ।  

উল্লেখ্য যে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ কাৰ্যলয়ৰ দ্বিতীয় মহলাত আছে আইদেউ সন্দিকৈ ছবিগৃহ । অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত এই ছবিগৃহটোত প্ৰদৰ্শিত হৈ আছিল সদ্য মুক্তিপ্ৰাপ্ত অসমীয়া ছবি 'লোকেল কুংফু ৩'।

ইয়াৰ পিচতেই এই ঘটনা সন্দৰ্ভত চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক নৱজিৎ পাঠকে কয়, "অসমৰ ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ ভূমি মহলাত বৈদ্যুতিক বিজুতিৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় । ঘটনাটো সংঘটিত হোৱাৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনীক খৱৰ দিয়া হয় । সেই সময়ত দ্বিতীয় মহলাত ছবি প্ৰদৰ্শিত হৈ আছিল । কিন্তু অগ্নিকাণ্ড ভূমি মহলাত হোৱাৰ বাবে ছবিগৃহত কোনো ক্ষতিসাধন হোৱা নাই ।"

লগতে পঢ়ক:অগ্নিকাণ্ডক লৈ হাহাকাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয় চৌহদত - Fire break out in JMCH

বৰপেটাৰোডত ভয়ংকৰ অগ্নিকাণ্ডত দুই কোটি টকাৰ সামগ্ৰী ভস্মীভূত - FIRE INCIDET IN BARPETA ROAD