স্পাৰ স্বত্বাধিকাৰীক ব্লেকমেইল কৰিছে কোনে ? - Sex Racket in Spa Guwahati

🎬 Watch Now: Feature Video

thumbnail
Spa in Guwahati (undefined)

By ETV Bharat Assamese Team

Published : February 27, 2024 at 6:57 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী: মহানগৰীৰৰ একাংশ স্পা-পাৰ্লাৰত দেহ ব্যৱসায় চলাৰ অভিযোগ উঠাৰ সময়তে এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে । গুৱাহাটীত সাংবাদিক নামধাৰী এটা গেং ওলাইছে ৷  গেংটোত আছে এগৰাকী মহিলা আৰু ৮৯ জন পুৰুষ ৷

গেংটোৱে হাতত DSLR আৰু মোবাইল ফোন লৈ অভিযান চলায় কেৱল বডী মাছাজ পাৰ্লাৰত । শেহতীয়াকৈ মহানগৰীৰ ৰাজগড়ৰ এখন পাৰ্লাৰত অভিযান চলাই ব্লেক মেইলিং কৰি তিনি লাখ টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে গেংটোৰ বিৰুদ্ধে । মহানগৰীৰ ৰাজগড়স্থিত এখন স্পা-পাৰ্লাৰখনত দেহ ব্যৱসায় চলি থকা বুলি ফেচবুক পেইজ এটাত বাতৰিৰ আকাৰে ভাইৰেল হোৱাৰ পিচতে পাৰ্লাৰখনৰ স্বত্বাধিকাৰীয়ে ঘটনা সন্দৰ্ভত মুখ খুলিছে ।

স্বত্বাধিকাৰীয়ে অভিযোগ কৰা অনুসৰি, যোৱা বুধবাৰে সন্ধিয়া এজন গ্ৰাহক স্পাৰ বাবে আহিছিল । পাৰ্লাৰখনৰ কৰ্মচাৰীয়ে স্পা কৰিবলৈ যাওতে মহিলা কৰ্মচাৰীগৰাকীক টকাৰ লোভ দেখুৱাই কাপোৰ খুলিবলৈ কৈছিল । সেই সময়তে ১৫-১৬ জনীয়া এটা দল সোমাই আহি নিজকে সাংবাদিক বুলি কৈ ভিডিঅ’ কৰে । তাৰ পৰা ওলাই গৈ ফোনযোগে ৩ লাখ টকা দাবী কৰে দলটোৱে ।

পাৰ্লাৰখনৰ স্বত্বাধিকাৰীয়ে ৩ লাখ দিব নোৱাৰে বুলি কোৱাত ১ লাখ ৮০ হাজাৰ টকা দাবী কৰে ৷  দাবী কৰা ধন নিদিয়াত এটা ফেচবুক পেইজত বাতৰিৰ আকাৰে প্ৰকাশ কৰে । ইতিমধ্যে পাৰ্লাৰখনৰ স্বত্বাধিকাৰীয়ে ঘটনা সন্দৰ্ভত চান্দমাৰি থানাত এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক: ড্ৰাগছ সেৱনে বিলুপ্তি ঘটাব পাৰে যৌন জীৱনৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details