সংসদত বাজেট দাখিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ - BUDGET 2025

🎬 Watch Now: Feature Video

thumbnail
সংসদত বাজেট দাখিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : February 1, 2025 at 11:23 AM IST

|

Updated : February 1, 2025 at 12:18 PM IST

1 Min Read
Choose ETV Bharat
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে পুৱা ১১ বজাত সংসদত উপস্থাপন কৰিছে বাজেট ৷ পদ্ম বঁটা বিজয়ী দুলাৰী দেৱীয়ে উপহাৰ দিয়া মধুবনী কলাৰ শাৰী পৰিধান কৰি বিত্তমন্ত্ৰীগৰাকীয়ে আজি সংসদত বাজেট দাখিল কৰে ৷ ডিজিটেল ফৰ্মেটত বাজেট উপস্থাপন কৰিবলৈ তেওঁৰ হাতত ব্ৰীফকেছৰ সলনি টেবলেট আছিল । টেবলেটটো ব্ৰীফকেছৰ সলনি সোণালী জাতীয় প্ৰতীকৰে ৰঙা কভাৰৰ ভিতৰত ৰখা হৈছিল । ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি পোনে পোনে সংসদলৈ যায় বিত্তমন্ত্ৰী । ভাৰতৰ প্ৰথমগৰাকী পূৰ্ণকালীন মহিলা বিত্তমন্ত্ৰী সীতাৰমণে ২০১৯ চনৰ জুলাই মাহত বাজেট ব্ৰীফকেছ কঢ়িয়াই নিয়াৰ ঔপনিৱেশিক পৰম্পৰা ভংগ কৰিছিল আৰু ইয়াৰ পৰিৱৰ্তে কেন্দ্ৰীয় বাজেটৰ কাগজ কঢ়িয়াই নিবলৈ পৰম্পৰাগত ‘বহী-খাতা’ৰ পথ বাছি লৈছিল ।

Last Updated : February 1, 2025 at 12:18 PM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details