প্ৰশাসনিক বিষয়াৰ ঘৰত 10 লাখ টকাৰ হাত চাফাই - Thief arrested - THIEF ARRESTED

🎬 Watch Now: Feature Video

thumbnail
প্ৰশাসনিক বিষয়াৰ ঘৰত চাফাই চলাই ফিৰোজ পৰিল আৰক্ষীৰ জালত (undefined)

By ETV Bharat Assamese Team

Published : April 23, 2024 at 10:50 PM IST

1 Min Read
Choose ETV Bharat

নগাঁও,২৩ এপ্ৰিল: নগাঁৱত এটা হাইপ্ৰ'ফাইল চোৰ । চোৰটোৰ লক্ষ্য সাধাৰণ লোক অথবা ব্যৱসায়ী নহয় । চোৰটোৰ টাৰ্গেটত থাকে আৰক্ষী তথা শীৰ্ষ বিষয়া । পূৰ্বে আৰক্ষীৰ বন্দুকৰ গুলী চুৰি কৰি জালত পৰা ফিৰোজ খান এইবাৰ জালত পৰিল প্ৰশাসনিক বিষয়াৰ নগদ দহ লাখ টকা চুৰি কৰি । নগাঁৱৰ এগৰাকী প্ৰশাসনিক বিষয়াৰ ঘৰৰ পৰা নগদ দহ লাখ টকা চুৰি কৰি নগাঁও আৰক্ষীৰ জালত পৰিল ফিৰোজ খান নামৰ গভাইত চোৰটো । দিন দুপৰতে প্ৰশাসনিক বিষয়াগৰাকীৰ বাসগৃহত চাফাই চলাইছিল চোৰটোৱে ।  

নগাঁও জিলা আয়ুক্ত কাৰ্যালয়লৈ নিজ কৰ্তব্য পালনৰ উদ্দেশ্যে ওলাই যোৱাৰ পিচতেই দিন দুপৰতে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চাফাই চলাইছিল চোৰে । প্ৰশাসনিক বিষয়া ছফিক ভূঞাৰ ঘৰৰ পৰা নগদ দহ লাখ টকা চুৰি কৰি লৈ গৈছিল চোৰটোৱে । নগাঁও জিলা আয়ুক্তৰ বাসভৱনৰ সমীপতে থকা চৰকাৰী আবাসৰ পৰা ১৯ এপ্ৰিলৰ দিনা দহ লাখ টকা চুৰি কৰি নিয়া সন্দৰ্ভত নগাঁও আৰক্ষীক অৱগত কৰিছিল বিষয়াগৰাকীয়ে । পৰৱৰ্তী সময়ত নগাঁও আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছিল অভিযান । মাত্ৰ তিনি দিনৰ ভিতৰতে নগাঁও আৰক্ষীৰ নগৰ শাখাই অভিযান চলাই উক্ত চুৰিকাৰ্যৰ সৈতে জড়িত ফিৰোজ খান নামৰ গভাইত চোৰটোক আটক কৰিবলৈ সক্ষম হয় । 

লগতে পঢ়ক: কলগাছিয়া আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা মণিৰুল ইছলামক পুনৰ গ্ৰেপ্তাৰ - Jania Criminals Arrested

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details