পথ দুৰ্ঘটনাত থিতাতে নিহত পিতৃ-কন্যা - SPEEDING TRUCK COLLIDED WITH SCOOTY
🎬 Watch Now: Feature Video

Published : October 30, 2024 at 10:56 PM IST
মঙলদৈ: মঙলদৈৰ নিকটৱৰ্তী শাকতোলাৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে সন্ধিয়া সংঘটিত এক পথ দুৰ্ঘটনাত পিতৃ-জীয়াৰীয়ে অকাল মৃত্যুক আঁকোৱালি লোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷ জানিব পৰা মতে এ এছ ১৩ কে ৮৮১৩ নম্বৰৰ স্কুটীখনেৰে মঙলদৈ বাসৱ নগৰৰ অৱসৰপ্ৰাপ্ত এছ আই টিৰ বিষয়া মথুৰা ডেকা আৰু তেওঁৰ কন্যা নন্দিতা ডেকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মঙলদৈ বাসৱ নগৰস্থিত বাসগৃহলৈ আহি থকা সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় ।
শাকতোলাৰ ওচৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত স্কুটীখনে এখন ট্ৰাকত খুন্দা মাৰে আৰু এই ঘটনাত পিতৃ-কন্যা থিতাতে নিহত হয় । সঘনাই দুৰ্ঘটনা সংঘটিত হৈ অহা মঙলদৈৰ এই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এতিয়ালৈকে বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ।
লগতে পঢ়ক: বোকাখাতত ডাম্পাৰৰ খুন্দাত নিহত শিক্ষক