কাজি নেমুক জাতীয় ফল ঘোষণাক লৈ উৎফুল্লিত টীয়কৰ কৃষক - কাজি নেমুৰ খেতিয়ক
🎬 Watch Now: Feature Video


Published : February 14, 2024 at 1:03 PM IST
টীয়ক,১৪ ফেব্ৰুৱাৰী: অসম চৰকাৰে কাজি নেমুক জাতীয় ফল হিচাপে ঘোষণা কৰাত এই খেতিৰে জড়িত কৃষকসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে । ৰাজ্যিক কেবিনেটত এই বিষয়ে গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে আনুষ্ঠানিকভাবে কৃষি মন্ত্ৰী অতুল বৰাই সদনত ঘোষণা কৰাৰ পাছত নেমু খেতিৰে জড়িত কৃষকসকলৰ মাজলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে । পূৰ্বতে কাজি নেমুয়ে GI টেগ লাভ কৰাৰ পাছত এতিয়া ৰাজ্য চৰকাৰে কাজি নেমুক জাতীয় ফল ঘোষণা কৰাত কাজি নেমুৱে বিশ্বৰ বজাৰ দখল কৰাৰ লগতে কৃষকসকলেও উচিত মূল্য পাবলৈ সক্ষম হ'ব ।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে চৰকাৰৰ এই ঘোষণাৰ পাছত কাজি নেমু খেতিৰে জড়িত টীয়কৰ দিগন্ত চুতীয়া নামৰ কৃষকগৰাকীৰ লগতে সকলো কৃষক উৎফুল্লিত হৈ পৰিছে । আজিৰ পৰা প্ৰায় এটা যুগ ধৰি নেমু খেতি কৰি নিজকে স্বাৱলম্বী কৰি তোলা দিগন্ত চুতীয়াৰ লগতে সকলো কৃষকে এতিয়া দুগুণ উৎসাহিত হৈ খেতি খোলাত অৱতীৰ্ণ হ'বলৈ সাহস পাইছে বুলি অৱগত কৰি বছৰৰ প্ৰতিটো দিনতে কাজি নেমুৰ নিৰ্দিষ্ট নিৰিখ নিৰ্ধাৰণ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ ক্ষেত্ৰত চৰকাৰৰ সহযোগিতা কামনা কৰিছে ।
লগতে পঢ়ক: নেমুৰ বজাৰ সৃষ্টিৰ আহ্বান প্ৰগতিশীল কৃষক প্ৰভাকৰ পোণা ডেকাৰ