ISBT ত ৭০ লাখ টকাৰ জালনোট জব্দ - COUNTERFEIT INDIAN CURRENCY NOTE

🎬 Watch Now: Feature Video

thumbnail
ISBT ত ৭০ লাখ টকাৰ জাল নোট জব্দ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : November 9, 2024 at 2:20 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী : গুৱাহাটী মহানগৰীত নকল নোটৰ উজান । শনিবাৰে পুৱা প্ৰায় ৫ বজাত মহানগৰীৰ ISBT ত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় ৬০লাখ ৫৮ হাজাৰ টকাৰ জাল নোট । এই অভিযানত আৰক্ষীৰ অভিযানত ১৫০০ টা বাণ্ডিলত ১২,১১৬ খন ৫০০ টকীয়া নকল নোট জব্দ কৰে ।

এক গোপন সূত্ৰৰ পম খেদি ISBT আৰক্ষীৰ লগতে SOG য়ে অভিযান চলাই আটক কৰে এজন নকল নোট সৰবৰাহকাৰীক । ধৃত সৰবৰহকাৰীটো হৈছে ধেমাজিৰ গোগামুখৰ হাফিজ আলী । ২৭ বছৰীয়া ধৃত হাফিজ আলীয়ে এখন বেগত তিনিটা তৰপত টকাখিনি আনিছিল ।

ধৃত সৰবৰাহকাৰীটোৱে বান্দোৰদেৱাৰ পৰা বাছযোগে গুৱাহাটীৰ আই এছ বি টিলৈ আহিছিল বুলি জানিব পৰা গৈছে । কিন্তু বাছখন ISBT পোৱাৰ পিছতেই আৰক্ষীয়ে অভিযান চলায় জব্দ কৰে নকল নোটখিনি ।

নকল নোটখিনি গুৱাহাটীলৈ কিয় সৰবৰাহ কৰা হৈছিল সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । ধৃত সৰবৰাহকাৰীটোৰ লগত এক বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে অভিযানকাৰী দলটোৱে ।

লগতে পঢ়ক: 50 লাখ টকাৰ জালনোটসহ আৰক্ষীৰ জালত হিৰামূল-নজৰুল - Counterfeit Indian currency note

এখন বাহনৰ পৰা ওলাইছে কোটি কোটি টকা; পিছে কি কাৰণ... - 7 Crore Cash Seized

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details