মৰিগাঁৱত জালনোট, মেচিনসহ কৰায়ত্ত দুই - আৰক্ষী বিষয়া মুক্তাব আলী বৰা

🎬 Watch Now: Feature Video

thumbnail
মৰিগাঁৱত জালনোট, মেচিনসহ দুটাক কৰায়ত্ত (undefined)

By ETV Bharat Assamese Team

Published : February 28, 2024 at 7:24 PM IST

1 Min Read
Choose ETV Bharat

মৰিগাঁও, 28 ফেব্ৰুৱাৰী :  মধ্য অসমত জালনোট বিৰোধী অভিযান অব্যাহত আছে আৰক্ষীৰ ৷ মঙলবাৰে মৰিগাঁও জিলাৰ ভেলৌগুৰি আৰক্ষীয়ে এক অভিযান চলাই জালনোট সহ এটা মেচিন আৰু দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ এক গোপন সূত্ৰৰ পম খেদি মৰিগাঁও জিলাৰ ভেলৌগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুক্তাব আলী বৰাৰ নেতৃত্বত হাঁহচৰা গাঁৱত চলিছিল এই অভিযান ৷ ধৃত লোকদ্বয় ক্ৰমে ছাবিৰুল ইছলাম আৰু ৰাজিকুল আলী বুলি জানিব পৰা গৈছে ৷ শোণিতপুৰ জিলাৰ বৈতামাৰী আৰু জামুগুৰি গাঁৱত ঘৰ দুই লোকৰ ৷

আৰক্ষীৰ দলটোৱে ধৃত লোকদ্বয়ৰ পৰা এটা নকল টকাৰ মেচিন, কিছু নকল টকা, দুটা মোবাইল ফোন আৰু কিছু অবৈধ নথি-পত্ৰ জব্দ কৰিছে বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে লোক দুজনক গ্ৰেপ্তাৰ কৰি মৰিগাঁৱলৈ প্ৰেৰণ কৰিছে ভেলৌগুৰি আৰক্ষীয়ে।

লগতে পঢ়ক: চেলেংহাটত ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা ৰাজধানী এক্সপ্ৰেছ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details