কৃষি বিভাগৰ চীল-ষ্টাম্পেৰে সাধাৰণ কৃষকক লুণ্ঠন - Looting of poor farmers

🎬 Watch Now: Feature Video

thumbnail
কৃষি বিভাগৰ চীল-ষ্টাম্পেৰে সাধাৰণ কৃষকক লুণ্ঠন (undefined)

By ETV Bharat Assamese Team

Published : March 2, 2024 at 7:04 AM IST

1 Min Read
Choose ETV Bharat

তিনিচুকীয়া, 2 মাৰ্চ: কৃষকৰ ধনত চকু দালালৰ ৷ সাধাৰণ কৃষকক পাৱাৰ টিলাৰ দিয়াৰ নামত কৃষি বিষয়াৰ নাম লৈ তিনিচুকীয়া জিলাৰ ফিল'বাৰীত এটা চক্ৰই লুটিলে 10 হাজাৰ টকা । মটৰ চাইকেলেৰে অহা দুই ভুৱা কৃষি বিষয়াই ফিল’বাৰী অঞ্চলৰ ডুমডুমা ন-গাঁওৰ আলবিনুছ লগুণ নামৰ এগৰাকী সহজ-সৰল তথা সাধাৰণ খেতিয়কক কৃষি কাৰ্যালয়ৰ পৰা পাৱাৰ টিলাৰ দিয়াৰ সপোন দেখুৱাই কৃষকজনৰ পৰা 10 হাজাৰ টকা সংগ্ৰহ কৰে বুলি ভুক্তভোগী কৃষকজনে উল্লেখ কৰে  ৷

ইফালে, দৰিদ্ৰ কৃষকক লুন্ঠন চলোৱা চক্ৰটোৱে অসম চৰকাৰৰ কৃষি বিভাগৰ চীল-ষ্টাম্প থকা ৰচিদো দৰিদ্ৰ খেতিয়কজনক প্ৰদান কৰা ঘটনাই ঘটনাটোক অধিক ৰহস্যৰ মাজলৈ ঠেলি নিছে । দুৰ্ভাগ্যজনক বিষয় যে, এনে ঘটনা ফিল’বাৰীত এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও সহজ-সৰল তথা দৰিদ্ৰ খেতিয়কৰ নিৰক্ষতাৰ সুযোগ লৈ লুন্ঠন চলাই যোৱাৰ খবৰ পোহৰলৈ আহিছে । এইক্ষেত্ৰত সকলোকে সজাগ হ’বলৈ ফিল’বাৰী কৃষি সম্প্ৰসাৰণ সহায়ক কাৰ্যালয়ৰ বিষয়া দিগন্ত বৰাই আহ্বান জনাইছে ।

লগতে পঢ়ক: কৃষক বঞ্চিত: নিগমৰ চৌহদতে পচিছে কুইন্টলে কুইন্টলে আলু-বাদামৰ বীজ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details