মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী কিয় তুলিলে প্ৰাক্তন সাংসদ খালেকে ? - Abdul Khaleque on Sonapur eviction
🎬 Watch Now: Feature Video

Published : September 14, 2024 at 10:38 PM IST
জনীয়া, ১৪ ছেপ্টেম্বৰ: সোণাপুৰৰ কচুতলীৰ উচ্ছেদৰ সময়ত সংঘটিত ঘটনাৰ পিছতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে বুলি মন্তব্য় কৰিছে বৰপেটাৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে । আজি প্ৰাক্তন সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ কয়," অসমত অশান্তি সৃষ্টিৰ মূল মানুহজন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । নিয়মমতে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে । আৰক্ষীয়ে কৰিব নোৱাৰে । কাৰণ আৰক্ষীয়ে নিজৰ মন্ত্ৰীজনক কেনেকৈ গ্ৰেপ্তাৰ কৰিব ? আৰক্ষীৰ হাত-ভৰি বন্ধা । "
শনিবাৰে বৰপেটা জিলাৰ কলগাছিয়াত এই সন্দৰ্ভত কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াই আব্দুল খালেকে । সোণাপুৰৰ কচুতলীৰ উচ্ছেদ মানৱাধিকাৰ বিৰোধী, শিশু অধিকাৰ বিৰোধী আৰু সংবিধান বিৰোধী বুলি মন্তব্য় কৰি প্ৰাক্তন সাংসদগৰাকীয়ে কয়," যদি উচ্ছেদিত লোকে দা,লাঠি, জোং আদি লৈ সু-সজ্জিত হৈ আছিল তেন্তে সেই খবৰ আৰক্ষীৰ চোৰাংচোৱা বিভাগৰ হাতত কিয় নাছিল ? গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব লাগে ।"
আৰক্ষীক ৰাজনৈতিক ব্যক্তিৰ মতে নহয়, সংবিধান মতে কাম কৰিবলৈ আহ্বান জনাই প্ৰাক্তন সাংসদৰাকীয়ে কয়," কোনো বিদেশী আছে যদি চিনাক্ত কৰি সীমান্ত পাৰ কৰি থৈ আহিব লাগে । "প্ৰাক্তন সাংসদগৰাকীয়ে সোণাপুৰৰ ঘটনাৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় ।