প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ লোৱা লক্ষ্মী পূজাক লৈ উখল-মাখল কচুতলী - LAKSHMI PUJA

🎬 Watch Now: Feature Video

thumbnail
প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ লোৱা লক্ষ্মী পূজাক লৈ উখল-মাখল কচুতলী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : October 15, 2024 at 8:27 PM IST

1 Min Read
Choose ETV Bharat

নিউজ ডেস্ক,১৫ অক্টোবৰ: অপেক্ষাৰ অন্ত পৰিল । অৱশেষত বুধবাৰে সোণাপুৰৰ কচুতলীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব লক্ষ্মী পূজা । বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ উদ্যোগত স্থানীয় দল-সংগঠন আৰু ৰাইজৰ সহযোগত সন্দেহযুক্ত নাগৰিকক কচুতলীত প্ৰশাসনে উচ্ছেদ চলোৱাৰ পিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে এই লক্ষ্মী পূজা । বহু বছৰৰ পূৰ্বে স্থাপন কৰা লক্ষ্মী মন্দিৰত এইবাৰ উদযাপন কৰা হ'ব এই পূজাভাগিৰ ।  

বিশ্ব হিন্দু পৰিষদৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ডিমৰীয়া সমিতিৰ উদ্যোগত ৬০ টা হিন্দু পৰিয়ালে প্ৰথমবাৰৰ বাবে লক্ষ্মী পূজা উদযাপন কৰাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে । এই সন্দৰ্ভত বিশ্ব হিন্দু পৰিষদৰ ডিমৰীয়া প্ৰখণ্ডৰ সমন্বয়কগৰাকীয়ে কয়,"প্ৰথমবাৰৰ বাবে আমি লক্ষ্মী পূজা উদযাপন কৰিছো । সকলো সনাতনীক আমি নিমন্ত্ৰণ কৰিছো । ইয়াত পূজাৰ লগতে নাম-প্ৰসংগ অনুষ্ঠিত হ'ব । আমি ভাবিম এয়া সনাতনীৰ জয়, এয়া খিলঞ্জীয়াৰ জয়, এয়া অসমীয়াৰ জয় ।"

লগতে পঢ়ক: কচুতলীত উৰিব ধৰ্মধ্বজা, মাহেকে-পষেকে অনুষ্ঠিত হ'ব বিভিন্ন পূজা - Sonapur eviction drive

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details