শোণিতপুৰত উদ্ধাৰ হোৱা হাতী পোৱালিক জখলাবন্ধাত বিশেষ চিকিৎসা প্ৰদান

🎬 Watch Now: Feature Video

thumbnail
হাতী পোৱালি উদ্ধাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : December 3, 2024 at 12:03 PM IST

1 Min Read
Choose ETV Bharat

কলিয়াবৰ: শোণিতপুৰ জিলাৰ আদাবাৰীৰ পৰা উদ্ধাৰ হোৱা এটা হাতী পোৱালিক পুনৰ সংস্থাপনৰ বাবে উদ্ধাৰ কৰি পাণবাৰীস্থিত কাজিৰঙা বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ নিয়া হয় ৷ এনে সময়ত হঠাৎ হাতী পোৱালিটোৰ স্বাস্থ্য পুনৰ অসুস্থ হৈ পৰাত সোমবাৰে জখলাবন্ধাত চিকিৎসাৰ ব্যৱস্থা কৰিবলগীয়া হয় । শোণিতপুৰৰ আমাৰিবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত আদাবাৰী চাহ বাগিচাৰ পৰা বন বিভাগে উদ্ধাৰ কৰে কণমানি হাতী পোৱালিটোক ।

কণমানি হাতী পোৱালিটো উদ্ধাৰ কৰি চিকিৎসাৰ বাবে কাজিৰঙা বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ লৈ আনে যদিও কাজিৰঙাৰ চিকিৎসকৰ এটি দলে জখলাবন্ধা খণ্ড বন বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ কণমানি হাতী পোৱালিটো চিকিৎসাৰ ব্যৱস্থা কৰে । চিকিৎসাৰ অন্তত কিছু সুস্থ হৈ পৰাত হাতীৰ পোৱালিটোক পাণবাৰীলৈ লৈ যায় ।

বন বিভাগৰ পৰা জনোৱা মতে, শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ আদাবাৰীত সোণাই-ৰূপাই অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীৰ জাকৰ পৰা কণমানি পোৱালিটো বিচ্ছিন্ন হৈ অসুস্থ হৈ পৰিছিল । ধাননিৰ পৰা উদ্ধাৰ কৰি বন বিভাগে উন্নত চিকিৎসা আৰু সংস্থাপনৰ ব্যৱস্থা কৰে ।

লগতে পঢ়ক: প্ৰায় ১০ ঘন্টা দ পুখুৰীত পৰি আৰ্তনাদ ৬ টা বন্যহস্তীৰ; পুৱাহে উদ্ধাৰ

গোলাঘাটৰ ৰংবঙত আঘাতপ্ৰাপ্ত বন্যহস্তী; চিকিৎসা প্ৰদানৰ চেষ্টা ব্যৰ্থ