উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত ধলাইত ৭ কোটি টকাৰ ড্ৰাগছ জব্দ - ড্ৰাগছ

🎬 Watch Now: Feature Video

thumbnail
উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত ধলাইত ৭ কোটি টকাৰ ড্ৰাগছ জব্দ (ETV Bharat)

By ETV Bharat Assamese Team

Published : November 4, 2024 at 2:22 PM IST

1 Min Read
Choose ETV Bharat

শিলচৰ: অসমৰ উপ-নিৰ্বাচন সমাগত । ৰাজ্যখনৰ ৫ টাকৈ সমষ্টিত ইতিমধ্যে নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ কৰি ৰাখিছে প্ৰতিটো ৰাজনৈতিক দলে । তাৰ ভিতৰত অন্যতম কাছাৰৰ ধলাই সমষ্টি । উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি সমষ্টিটোত কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে । ঠায়ে ঠায়ে তালাচী চকী স্থাপন কৰা হৈছে । তেনে এক তালাচীৰ মাজতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হ'ল বৃহৎ পৰিমাণৰ ড্ৰাগছ ।

যোৱানিশা মিজোৰামৰ পৰা অহা এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি । ধলাইৰ লায়লাপুৰত আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছসহ ট্ৰাকখন । ৩০ টা চাবোনৰ বাকচত লুকুৱাই অনা হৈছিল প্ৰায় ৩৭৫ গ্ৰাম নিষিদ্ধ হেৰ'ইনখিনি । ২০ হাজাৰৰো অধিক নিচাজাতীয় টেবলেটো জব্দ কৰে আৰক্ষীয়ে । লগতে আৰক্ষীয়ে এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে । জব্দ হোৱা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৭ কোটি টকা হ'ব আৰক্ষীয়ে অনুমান কৰিছে ।

লগতে পঢ়ক :মুকুটে বিয়া পাতি কৰিলে আচৰিত কাণ্ড; হুচ উৰি গ’ল পত্নীৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details