বৰপেটা জিলা কাৰাগাৰত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা - Drugs awareness campaign - DRUGS AWARENESS CAMPAIGN

🎬 Watch Now: Feature Video

thumbnail
বৰপেটা জিলা কাৰাগাৰত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা (ETV Bharat)

By ETV Bharat Assamese Team

Published : June 25, 2024 at 7:55 AM IST

1 Min Read
Choose ETV Bharat

বৰপেটা, ২৫ জুন : ২৬ জুনত আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন কৰা হ'ব । এই দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে বৰপেটা জিলা কাৰাগাৰত কয়দীসকলৰ মাজত এক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । নিচামুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে নাৰ্ক’টিকছ কণ্ট্ৰ'ল ব্যুৰ'ৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ইয়াৰ জৰিয়তে কাৰাগাৰৰ প্ৰায় ৩০০ কয়দীৰ মাজত ড্ৰাগছৰ বিৰুদ্ধে জনমত গঢ়াৰ প্ৰয়াস কৰা হয় ।

কাৰাবন্দীৰ সন্মুখত নিচাযুক্ত দ্ৰব্য বা ড্ৰাগছৰ ভয়াৱহতা, ইয়াৰ বিৰুদ্ধে থকা আইন, আইনত থকা শাস্তি আদিৰ বিষয়েও নাৰ্ক’টিকছ কণ্ট্ৰ'ল ব্যুৰ' আৰু বৰপেটা জিলা কাৰাগাৰৰ বিষয়াসকলে প্ৰকাশ কৰে । এই সজাগতামূলক কাৰ্যসূচীৰ সন্দৰ্ভত জিলা কাৰাগাৰৰ কাৰাধ্যক্ষ নিলোৎপল কাকতিয়ে কয় যে, ইয়াৰ জৰিয়তে কাৰাবন্দীসকল যথেষ্ট উপকৃত হ'ব ।

এই কাৰ্যসূচীত নাৰ্ক’টিকছ কণ্ট্ৰ'ল ব্যুৰ'ৰ গুৱাহাটীস্থ কাৰ্যালয়ৰ চোৰাংচোৱা বিষয়া প্ৰেম নাৰায়ণ ঝা আৰু কনিষ্ঠ চোৰাংচোৱা বিষয়া ৰোহিত কুমাৰ যাইমেনকে ধৰি কেইবাগৰাকীও বিষয়া-কৰ্মচাৰী উপস্থিত থাকে । এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি কাৰাগাৰ কৰ্তৃপক্ষই বিভিন্নজনক গছপুলিও বিতৰণ কৰে ।

লগতে পঢ়ক :সৰ্থেবাৰীত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক সৰবৰাহকাৰী - Ganja Seized In Sarthebari

লগতে পঢ়ক:কাছাৰত ৫ কোটি টকাৰ হেৰ'ইনসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details