চিকিৎসক অভয়াকাণ্ডৰ ন্যায়ৰ দাবীত মাজুলীৰ চিকিৎসাকৰ্মীৰ প্ৰতিবাদ - Kolkata Doctor Rape murder - KOLKATA DOCTOR RAPE MURDER

🎬 Watch Now: Feature Video

thumbnail
চিকিৎসক অভয়াকাণ্ডৰ ন্যায়ৰ দাবীত মাজুলীৰ চিকিৎসাকৰ্মীৰ প্ৰতিবাদ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 18, 2024 at 12:25 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী, 18 আগষ্ট : দেশ জোকাৰি যোৱা অভয়াকাণ্ডৰ যিমানেই দিন বাগৰিছে, সিমানেই দেশৰ বিভিন্ন প্ৰান্তত বাঢ়িছে প্ৰতিবাদৰ জোৱাৰ ৷ একেমুখে সকলোৱে এটাই দাবী কৰিছে - ন্যায় দিয়ক অভয়াক, সুৰক্ষা দিয়া চিকিৎসক তথা চিকিৎসাকৰ্মীক ৷

দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে শনিবাৰে মাজুলীতো চিকিৎসক অভয়া ধৰ্ষণ আৰু হত্যাৰ ন্যায়ৰ দাবীত মাজুলীৰ পীতাম্বৰ গোস্বামী জিলা চিকিৎসালয়ৰ চিকিৎসাকৰ্মীসকলে সাব্যস্ত কৰে প্ৰতিবাদ । ইতিমধ্যে কলিকতাত মহিলা চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ প্ৰতিবাদত দেশজুৰি চিকিৎসক তথা চিকিৎসাকৰ্মীসকলে পালন কৰিছে কৰ্মবিৰতি ।

ইয়াৰ সমান্তৰালকৈ ক'লা বেজ পৰিধান কৰি কলিকতাত চিকিৎসক হত্যাৰ ন্যায়ৰ দাবীত মাজুলীতো হাতে হাতে মমবাতি লৈ সমদল কৰি চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ । কিন্তু এই প্ৰতিবাদে পৰৱৰ্তী সময়ত কি ৰূপ লয় বা আগন্তুক সময়ত নাৰীৰ সুৰক্ষাৰ বাবে চৰকাৰ কিম্বা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : প্ৰতি ২ ঘণ্টাৰ মূৰে মূৰে প্ৰতিখন ৰাজ্যৰে আইন-শৃংখলাজনিত পৰিস্থিতিৰ তথ্য লাগিব কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক - Kolkata Doctor Rape murder

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details