ডিমা হাছাওত ধাৰাসাৰ বৰষুণ : যোগাযোগ ব্যাহত - Assam Floods 2024 - ASSAM FLOODS 2024

🎬 Watch Now: Feature Video

thumbnail
ডিমা হাছাওত ধাৰাসাৰ বৰষুণ;যোগাযোগ ব্যাহত (ETV Bharat)

By ETV Bharat Assamese Team

Published : July 1, 2024 at 5:29 PM IST

1 Min Read
Choose ETV Bharat

হাফলং,১ জুলাই : বিগত কেইবাদিনো ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । কোনো কোনো জিলাত বানে ভয়ংকৰ ৰূপ লৈছে । ডিমা হাছাও জিলাত ধাৰাসাৰ বৰষুণৰ ফলত অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে । নেৰানেপেৰা বৰষুণৰ ফলত লামডিং-শিলচৰ ৰে'লপথ আৰু হাফলং-শিলচৰ সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোগাযোগ ব্যাহত হৈ পৰিছে । ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা আৰু হাৰেংগাজাওৰ মাজত কেইবাটাও স্থানত বাঢ়নী পানীয়ে পথ উটুৱাই লৈ যোৱাৰ ফলত যান-বাহনৰ চলাচল বন্ধ হৈ পৰে ।

আনহাতে লামডিং-শিলচৰ পাহাৰ লাইনৰ জাতিংগা লামপুৰ আৰু হাৰেংগাজাও মাজত ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা পানী আৰু বোকাৰে ভৰি পৰিছে ৰে'লপথ । যাৰ বাবে দীৰ্ঘ সময় ধৰি শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে'লখন নিউ হাৰেংগাজাও ষ্টেচনত আৱদ্ধ হৈ থাকে । একেদৰে শিয়ালদহ-আগৰতলা কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ ৰে'লখন নিউ হাফলং ষ্টেচনত আৱদ্ধ হৈ থাকে । অৱশেষত ৰে'ল কৰ্মচাৰীসকলৰ যুদ্ধকালীন প্ৰচেষ্টাৰ অন্তত দিনৰ প্ৰায় ৩ মান বজাত ৰে'লপথটো মুকলি কৰা হয় আৰু আৱদ্ধ ৰে'লসমূহে গন্তব্য স্থানলৈ ৰাওনা হয় ।

লগতে পঢ়ক :বানৰ কবলত অসমৰ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান : বানবিধ্বস্ত মানাহত উটি গ’ল শিবিৰ - ASSAM FLOOD 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details