নদীৰ প্ৰচণ্ড সোঁতত উটি গ’ল অজিতেশ, উদ্ধাৰ অভিযান অব্যাহত - be cautious while taking selfie - BE CAUTIOUS WHILE TAKING SELFIE

🎬 Watch Now: Feature Video

thumbnail
উদ্ধাৰ অভিযান অব্যাহত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 13, 2024 at 5:31 PM IST

1 Min Read
Choose ETV Bharat

জোনাই, 13 জুলাই : এপাত জোতাহে উদ্ধাৰ হ’ল 24 ঘণ্টাৰ পিচত ৷ অব্যাহত আছে উদ্ধাৰ অভিযান ৷ জিলা মহকুমা বিষয়াই কৈছে, ‘ভাল অৱস্থাত পালেতো ভালেই, কিন্তু যি হ’লেও আমি তেওঁক বিচাৰি উলিয়াম ৷’ বন্ধুবৰ্গৰ সৈতে প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ আহি কালিৰে পৰা নিখোজ হৈ আছে এজন ছাত্ৰ ৷ পৰিয়ালৰ লোক আজি পুৱাই উক্ত স্থানত উপস্থিত হয় ৷

ঘটনাৰ স্থান চিলাপথাৰ ৷ শুকুৰবাৰে ডিব্ৰুগড়ৰ পৰা গ্ৰীষ্মবন্ধ উপলক্ষে ৭ জনীয়া সহপাঠীৰ সৈতে ফুৰিবলৈ বুলি চিমেন নদীৰ পাৰলৈ আহিছিল ডিব্ৰুগড়ৰ জ্ঞান বিজ্ঞান বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ অজিতেশ হাজৰিকা । চিমেন নদীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ নদীৰ পাৰত উপস্থিত হৈ ফটো লৈ থকা অৱস্থাত হঠাতে পিচলি গৈ নদীত পৰি যায় ছাত্ৰজন । নদীৰ প্ৰচণ্ড সোঁতে নিমিষতে উটুৱাই লৈ যায় তেওঁক । ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিচত অনুসন্ধানৰ বাবে উপস্থিত হয় ধেমাজি জিলা আৰক্ষী অধীক্ষক আৰু SDRF ৰ দল । কালিৰে পৰা অভিযান চলাই চলাই এপাত জোতা উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দল ৷ আজি পুৱাৰে পৰা জোনাইৰ SDRF বাহিনীয়ে দুখন নাৱেৰে অভিযান অব্যাহত ৰখাৰ কিছু সময়ৰ পিচতে পুনৰ চিলাপথাৰৰ পৰা NDRF বাহিনীৰ দুটা দল আহি অভিযানত যোগ দিয়ে ।

লগতে পঢ়ক : স্কুল বাছ দুৰ্ঘটনা: কথমপি প্ৰাণৰক্ষা শিক্ষাৰ্থীৰ - Moving school bus fell down

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details