বিৰোধী দলৰ প্ৰাৰ্থীক হাৰাশাস্তি কৰাৰ অভিযোগ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
ডিব্ৰুগড়ত আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ (undefined)

By ETV Bharat Assamese Team

Published : March 30, 2024 at 10:34 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 30 মাৰ্চ: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ডিব্ৰুগড় লোকসভা সমষ্টিত আন আন ৰাজনৈতিক দলৰ লগতে আম আদমি পাৰ্টীয়েও তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান ৷ শনিবাৰে সন্ধিয়া আম আদমি পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে মৰাণৰ খাগৰিজানত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বিজেপি নেতৃত্বাধীন চৰকাৰৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ৰাইজক ভোটদান কৰিবলৈ আহ্বান জনায় ৷  

ভাষণ প্ৰসংগত মনোজ ধানোৱাৰে বৰ্তমানৰ বিজেপি চৰকাৰখনৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মাত মতাৰ বাবেই দিল্লীৰ মুখ্যমন্ত্ৰীক জে’লত ভৰাই ৰখাৰ অভিযোগ কৰে ৷ ডিব্ৰুগড়ত আপৰ প্ৰাৰ্থীগৰাকীৰ পিচত মানুহ লগাই হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মনোজ ধানোৱাৰে ৷ গণতন্ত্ৰত এনে আচৰণ ভাল নহয় বুলি উল্লেখ কৰি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত গ্ৰামাঞ্চল আৰু বাগিচা অঞ্চলত সাধাৰণ ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰা বুলি দাবী কৰে ধানোৱাৰে ৷

উল্লেখযোগ্য যে কেইটামান দিনৰ পূৰ্বে ডিব্ৰুগড়ৰ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ গাড়ীৰ পৰা ধন জব্দ কৰিছিল আৰক্ষীয়ে । ধন জব্দ কৰি ২ ঘন্টা পথৰ ওপৰতেই ৰখাই হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছিল মনোজ ধানোৱাৰে ।

লগতে পঢ়ক: গৌৰৱ গগৈ-লুৰীণজ্যোতি গগৈক হৰুওৱাৰ কাম কৰি আছে অখিল গগৈয়ে : জয়ন্ত মল্লবৰুৱা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details