অসমত কংগ্ৰেছৰ সভাপতি বদলি নহয়: দেৱব্ৰত শইকীয়া - MLA DEBABRATA SAIKIA

🎬 Watch Now: Feature Video

thumbnail
অসমত কংগ্ৰেছৰ সভাপতি বদলি নহয় (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : October 15, 2024 at 10:31 PM IST

1 Min Read
Choose ETV Bharat

আমগুৰি,১৫ অক্টোবৰ: আমগুৰিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি সলনি নহয় বুলি মন্তব্য কৰি বিৰোধী দলপতিগৰাকীয়ে কয় যে উপ-নিৰ্বাচনৰ প্ৰাৰ্থী বিষয়ক কিছু প্ৰতিবেদনৰ সম্পৰ্কত হাইকমাণ্ডৰ লগত আলোচনাৰ বাবেহে দিল্লীলৈ গৈছে ভূপেন বৰা । ইয়াৰোপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে নাজিৰা সমষ্টিৰ বিধায়কগৰাকীয়ে ।

বিৰোধী দলপতি শইকীয়াই কয়,"বিজেপিক মুছলমানৰ ভোট নালাগে, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ ভোট বিচাৰি নাচি থাকে । সাম্প্ৰদায়িক কথা বিজেপি দলে যে কয় সেয়া নিশ্চিত । আনহাতে বাবা চিদ্দিকিৰ হত্যাকাণ্ডৰ বাবে মিত্ৰদলৰ মাজত অসন্তুষ্টি বৃদ্ধি পাইছে । ভয়-ভাবুকিৰে চৰকাৰী পক্ষ এৰি গ'লে হত্যা কৰা হ'ব তেনে এক চিগনেল দিবলৈ ৰাজনৈতিক হত্যাকাণ্ড সংঘটিত হ'ল । ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ধাৰ লৈ লৈ অসমৰ ৰাইজক হিতাধিকাৰী বনালেও তেওঁ নিজেই জিকিব বুলি গেৰান্টি নাই । য'তে ত'তে অনলাইন মেম্বাৰশ্বিপ কৰি বিজেপিৰ কোনো লাভ নহ'ব ।"

লগতে পঢ়ক: খেলিমেলি লাগিছে নেকি বঙাইগাঁও অগপত ? ৪০ বছৰীয়া দুৰ্গত অথন্তৰ

কংগ্ৰেছে কেতিয়া চূড়ান্ত কৰিব প্ৰাৰ্থী তালিকা ? জনালে ভূপেন বৰাই

হাৰিয়ানাৰ পৰা কিবা কিবি শিকিব পাৰিলে ভাল; কাক কি ক’ব খুজিছে দেৱব্ৰত শইকীয়াই !

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details