চেলেক ধূনাগুৰি দলং নিৰ্মাণথলীত শ্ৰমিকৰ মৃত্য়ু - বিদ্য়ুৎস্পৃষ্ট

🎬 Watch Now: Feature Video

thumbnail
ধূনাগুৰি দলং নিৰ্মাণথলীত শ্ৰমিকৰ মৃত্য়ু (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : December 21, 2024 at 1:50 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী: পুনৰ চেলেক ধূনাগুৰি দলং নিৰ্মাণথলীত অঘটন । শনিবাৰে পুৱা দলঙৰ নিৰ্মাণকাৰ্যত জড়িত এজন শ্ৰমিকে তলত কাম কৰি থাকোতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। চেলেক ধূনাগুৰি দলঙৰ কামত নিয়োজিত মৃত শ্ৰমিকৰ নাম অশোক সিং ।

দলং নিৰ্মাণত জড়িত থকা এজন লোকে এই সন্দৰ্ভত উল্লেখ কৰা মতে, নিৰ্মাণৰ কাম ওপৰত কৰি থকা অৱস্থাত এই লোকজন তলত আছিল । সেই সময়তেই কিছু সামগ্ৰী তলত থকা শ্ৰমিকজনৰ গাত পৰাত ততাতৈয়াকৈ মাজুলীৰ গড়মূৰ পীতাম্বৰ দেৱগোস্বামী জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তাতেই তেওঁক মৃত বুলি চিকিৎসকে ঘোষণা কৰে । আজি পুৱা ৯ বজাত সংঘটিত হয় এই ঘটনাটো । ৪০ বছৰীয়া মৃত আশোক সিঙৰ ঘৰ পশ্চিমবংগত । উল্লেখ্য় যে ইয়াৰ পূৰ্বেও একে স্থানত বিদ্য়ুৎস্পৃষ্ট হৈ এজন শ্ৰমিকৰ মৃত্যু হৈছিল ।

লগতে পঢ়ক:পলিঅ' প্ৰতিষেধক সেৱনৰ পিছতে শিশুৰ মৃত্যু; স্বাস্থ্য বিভাগৰ তদন্ত অব্যাহত - DIBRUGARH CHILD MYSTERIOUS DEATH

বৰপেটাৰোডত মাজুলীৰ যুৱতীক ধৰ্ষণ কৰি হত্যাৰ সন্দেহ - DEATH BODY RECOVERED

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details